গুৱাহাটী, ২ অক্টোবৰ :শনিবাৰৰ পৰা পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হৈছে অসম ৰাজ্যিক চিৰিয়াখানা । ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল চিৰিয়াখানা । চিৰিয়াখানাখন দৰ্শনাৰ্থীৰ বাবে মুকলি কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
ক'ভিড সংক্ৰমণৰ বাবে দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকা চিৰিয়াখানা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি বনমন্ত্ৰীয়ে হাতীক বিভিন্ন ধৰণৰ ফল-মূল খুৱায় । সংবাদ মাধ্যমৰ আগত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই চিৰিয়াখানাৰ দৰ্শনাৰ্থীসকলে অনলাইন মাধ্যমেৰে টিকট কাটিব পাৰিব বুলি উল্লেখ কৰে । assamstatezoo.in ৱেবচাইটৰ জৰিয়তে দৰ্শনাৰ্থীসকলে টিকট বুক কৰিব পাৰিব ৷
লগতে পঢ়ক:৮ অক্টোবৰৰ পৰা পুনৰ মুকলি হ'ব বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটী ‘ৰামোজী ফিল্ম চিটী’