অসম

assam

ETV Bharat / state

BJP Core Committee meeting: গুৱাহাটীত ৰাজ্যিক বিজেপিৰ কৰ্ণধাৰ কমিটীৰ বৈঠক - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটীত অসম প্ৰদেশ বিজেপিৰ মূল সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক (Assam BJP Core Committee meeting)৷ পঞ্চায়ত নিৰ্বাচন, লোকসভা নিৰ্বাচনকে আদি কৰি কেইবাটাও বিষয়ত আলোচনা কৰা হয় এই বৈঠকত ৷ বহু দিনৰ পাচত এই বৈঠকৰ দ্বাৰা মুখামুখি হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

BJP Core Committee meeting held in Guwahati
ৰাজ্যিক বিজেপিৰ কৰ্ণধাৰ কমিটীৰ বৈঠক

By

Published : Jan 10, 2023, 9:31 PM IST

গুৱাহাটী, 10 জানুৱাৰী: মঙলবাৰে গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মূল সৰ্বোচ্চ সমিতিৰ বৈঠকত অনুষ্ঠিত হয় (Assam BJP Core Committee meeting) । আজিৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বহু দিনৰ বিৰতিৰ মূৰত মুখামুখি হয় । বৈঠকত আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত আলোচনা কৰা হয় (Panchayat election in Assam)। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বুথ কমিটি, আঞ্চলিক কমিটি আৰু জিলা কমিটিসমূহ শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয় আজিৰ বৈঠকত ।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলক কিদৰে শক্তিশালী কৰিব পাৰি আৰু নিৰ্বাচনত প্ৰাৰ্থী নিৰ্বাচনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় । বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনৰ বিষয়টোৱেও গুৰুত্বপূৰ্ণ স্থান পায় । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেতবোৰ পৰামৰ্শ আগবঢ়ায় (Assam BJP party meeting)।

উল্লেখ্য যে, অহা ১৫ আৰু ১৬ জানুৱাৰীত দিল্লীত বিজেপিৰ কেন্দ্ৰীয় কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব (BJP central committee meeting in Delhi)। তাৰ পিচত অহা ২৪ জানুৱাৰীত মৰিগাঁৱত ৰাজ্যিক বিজেপিৰ বৈঠক অনুষ্ঠিত হ’ব । বিজেপি দলৰ আদৰ্শবাদী ব্যক্তিত্ব পণ্ডিত দীনদয়াল উপাধ্যায় আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ হোৱা বৈঠকত দলটোক সকলো স্তৰতে শক্তিশালী কৰাৰ সম্পৰ্কীয় কেইবাটাও মূল বিষয়ত আলোচনা কৰা হয় ।

লগতে পঢ়ক:Jio True 5G in Guwahati : গুৱাহাটীত মুকলি হ’ল জিঅ’ 5G সেৱা, কামাখ্যাত বিনামূলীয়া ইণ্টাৰনেট

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "আমি উন্নত সাংগঠনিক কাম-কাজৰ সুবিধাৰ বাবে বুথ পৰ্যায়ৰ পৰিকল্পনা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত অঞ্চলটোৱে লাভ কৰি থকা অভূতপূৰ্ব উন্নয়নৰ বাৰ্তা তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ দিশতো গুৰুত্ব প্ৰদান কৰিলোঁ । এই বৈঠকতে অসমত ৱাই-২০ৰ বৈঠক আৰু ২৪ জানুৱাৰীত মৰিগাঁৱত অনুষ্ঠিত হ’ব লগা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সন্দৰ্ভতো আলোচনা কৰা হয়’’ ।

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, "বৈঠকত দলীয় সাংগঠনিক আভ্যন্তৰীণ গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে আগন্তুক দিনবোৰত ল’বলগীয়া দলীয় কার্যপন্থা সন্দৰ্ভত আলাপ আলোচনা কৰা হয়" ৷

ইপিনে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘আজি গুৱাহাটীত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰি আনন্দিত হওঁ ৷ দলৰ সাংগঠনিক ভেটি সুদৃঢ়কৰণৰ উপৰি প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহৰ সুফল তৃণমূল পৰ্যায়ত অধিক সম্প্ৰসাৰণ কৰাৰ সন্দৰ্ভত আজিৰ বৈঠকত আলোচনা কৰা হয়’’ ।

আজিৰ বৈঠকত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ফণীন্দ্ৰ নাথ শৰ্মাকে ধৰি অসম প্ৰদেশৰ সহ প্ৰভাৰী পৱন শৰ্মাকে প্ৰমুখ্যে কৰি সমিতিৰ বিষয়-ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Badruddin Ajmal slams congress: হিমন্ত বিশ্ব শৰ্মাৰ পৰা নিশা 12 বজাৰ পাচত পেকেট আনে কংগ্ৰেছ নেতাই

ABOUT THE AUTHOR

...view details