গুৱাহাটী, ৪ মে’ :ৰাজ্য চৰকাৰৰ ৪৮ টা বিভাগত চতুৰ্থ বৰ্গৰ ১৪,২৮১ টা পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত উত্তীৰ্ণ হৈছে ১৪,২৮১ গৰাকী প্ৰাৰ্থী । বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে চতুৰ্থ বৰ্গৰ পদৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগৰ অধ্যক্ষ ড৹ বি কল্যান চক্ৰৱৰ্তীয়ে ।
তেওঁ কয় যে আজি অৰ্থাৎ বৃহস্পতিবাৰে দিনৰ ২ বজাত ছেবা আৰু অসম চৰকাৰৰ ৱেবচাইটযোগে পৰীক্ষাৰ ফলাফলসমূহ প্ৰাৰ্থীসকলে চাব পাৰিব (Assam SLRC Grade 4 Result 2023 Timing Changed To Be Released At 2 PM) । ছেবাৰ ৱেবচাইট www.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবচাইট https://assam.gov.in যোগে প্ৰাৰ্থীসকলে নিজৰ আবেদন নম্বৰ আৰু পাচৱাৰ্ডৰ জৰিয়তে ফলাফল চাব পাৰিব (Assam Direct Recruitment Grade 4 Result 2023) ।
তেওঁ কয় যে চতুৰ্থ বৰ্গৰ ১৪,২৮১ টা পদৰ বাবে ছেবাই অনুষ্ঠিত কৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪,৪২,৭৮৫ গৰাকী প্ৰাৰ্থী । শিক্ষাগত অৰ্হতাৰ ভিত্তিত দুটা প্ৰৰ্যায়ত প্ৰাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হৈছিল । মেট্ৰিক আৰু তাৰ সমপৰ্যায়ৰ পৰীক্ষা উত্তীৰ্ণ আৰু অষ্টম শ্ৰেণীলৈ পঢ়া প্ৰাৰ্থীক দুটা পৰ্যায়ত বিভক্ত কৰি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল ।