গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল অসম সন্মিলিত মহাসংঘৰ - etv bharat assam
সংবাদমেলত সংগঠনটোৰ নেতৃত্বই অভিযোগ তুলে যে এখন নিকা পুৰ্নাংগ নাগৰিকপঞ্জী প্ৰকাশৰ ক্ষেত্ৰত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ভুমিকা দূৰ্ভাগ্যজনক ৷ সংঘৰ দাবী 1971 চনক ভিত্তিবৰ্ষ হিচাপে লৈ কৰা নাগৰিক পঞ্জীয়ে খিলঞ্জীয়াক সুৰক্ষিত নকৰে ৷
গুৱাহাটী, 27 আগষ্ট: সাংবিধানিক বিচাৰপীঠেহে অসমৰ নাগৰিকপঞ্জী চুড়ান্ত কৰিব ৷ 1971 চন ভিত্তিবৰ্ষ লৈ প্ৰস্তুত কৰা নাগৰিকপঞ্জীয়ে বিদেশী বহিৰাগতকহে সুৰক্ষিত কৰিব ৷ এই বিস্ফোৰক অভিযোগ অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ ৷ সোমবাৰে গুৱাহাটী প্ৰেছক্লাৱত আয়োজিত এক সংবাদমেলত এই অভিযোগ তুলে সংগঠনটোৰ নেতৃত্বই ৷ সংবাদমেলত সংগঠনটোৰ নেতৃত্বই অভিযোগ তুলে যে এখন নিকা পুৰ্নাংগ নাগৰিকপঞ্জী প্ৰকাশৰ ক্ষেত্ৰত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ভুমিকা দূৰ্ভাগ্যজনক ৷ সংঘৰ দাবী 1971 চনক ভিত্তিবৰ্ষ হিচাপে লৈ কৰা নাগৰিক পঞ্জীয়ে খিলঞ্জীয়াক সুৰক্ষিত নকৰে ৷ লগতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে সাংবিধানিক বিচাৰপীঠ কিয় গঠন নকৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৰ নেতৃত্বই ৷ সংঘৰ মতে, তেওঁৰ পৰিবৰ্তে 2016 চনতে অনা অসমীয়া মুখ্য ন্যায়াধীশে সাংবিধানিক বিচাৰপীঠ গঠন কৰি মহাসংঘৰ গোচৰটো চলায় নিছিল ৷ এনে কেতবোৰ অভিযোগ তুলি নাগৰিকপঞ্জী যে খিলঞ্জীয়াৰ বাবে নহ'ব তাক পুনৰবাৰ দোহাৰে সংবাদমেলত ৷