গুৱাহাটী, 11 মাৰ্চ :ৰাজ্যৰমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শাসকীয় বিজেপি দলে অসমত অপৰাধজনিত ঘটনা হ্ৰাস পোৱা বুলি দাবী কৰি আহিছে যদিও ইয়াৰ সম্পূৰ্ণ বিপৰীত চিত্ৰ পোহৰলৈ আহিছে শেহতীয়া এক তথ্যত ৷ ৰাজ্যত বিভিন্ন ধৰণৰ অপৰাধৰ সমান্তৰালকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে নাৰীজনিত অপৰাধ । 2016 চনৰ পৰা 2023 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যত মুঠ 1,70,174 টা নাৰীজনিত অপৰাধ সংঘটিত হৈছে (Assam records highest rate of crime against women in last 4 years) ।
তদুপৰি, 2016-2023 ৰ সময়ছোৱাত ৰাজ্যখনত মুঠ 1606 গৰাকী নাৰীক বিভিন্ন কাৰণত হত্যা কৰা হৈছে । যৌতুকজনিত কাৰণত 1034 গৰাকী নাৰীয়ে মৃত্যুক আঁকোৱালি ল’ব লগাত পৰিছে ৷ ধৰ্ষণ আৰু ডাইনীৰ সন্দেহত ক্ৰমে 12,331 আৰু 74 গৰাকী নাৰীক হত্যা কৰা হৈছে । এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে বিধানসভাৰ মজিয়াত ।
চৰকাৰী তথ্য অনুসৰি, 2016 চনত 181 টা, 2017 চনত 197 টা, 2018 চনত 281 টা, 2019 চনত 259 টা, 2020 চনত 172 টা, 2021 চনত 230 টা, 2022 চনত 246 টা আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী পৰ্যন্ত 40 টা নাৰীজনিত হত্যাকাণ্ড সংঘটিত হৈছে (Crime against women in Assam) । আনহাতে, যৌতুকজনিত কাৰণত 1034 গৰাকী নাৰী মৃত্যুমুখত পৰিছে আৰু 15,784 গৰাকী নাৰী আহত হৈছে ৷