অসম

assam

ETV Bharat / state

Rajya Sabha Election 2022: পবিত্ৰ নিৰাপদ, ৰণত নামিব লাগিব ৰণগৌড়া-ৰিপুণ - rajya sabha election

বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যসভালৈ যোৱাটো খাটাং । আচল ৰণখন হ’ব ৰণগৌড়া নাৰ্জাৰী আৰু ৰিপুণ বৰাৰ মাজত (Rajya Sabha Election 2022)। ভোটৰ দিনা যদি এজন বিধায়কো অনুপস্থিত থাকে ! যদি বিৰোধীৰ কোনো বিধায়কে বেলটত ‘ভুল’ কৰে ! যদি ভোটৰ দিনা বিৰোধীৰ কোনো বিধায়ক ‘অসুস্থ’ হৈ পৰে ! এনে বহু শংকাত কংগ্ৰেছ এতিয়া কম্পমান ৷

Rajya Sabha Election 2022
পবিত্ৰ নিৰাপদ, ৰণত নামিব লাগিব ৰণগৌড়া-ৰিপুণ

By

Published : Mar 20, 2022, 5:21 PM IST

গুৱাহাটী, ২০ মাৰ্চ: ৰাজ্যসভাত খালী হ’বলগীয়া অসমৰ দুখন আসনৰ ভিতৰত দ্বিতীয়খন আসনৰ বাবে যি ৰাজনৈতিক ৰণ বা ঘোঁৰা বিক্ৰীৰ বজাৰ বহিব সেয়া নিশ্চয়কৈ চাবলগীয়া হ’ব (Rajya Sabha Election 2022)। ইতিমধ্যে এটা কথা নিশ্চিত হৈছে যে, বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যসভালৈ যোৱাটো খাটাং। ইয়াত কাৰোৱেই দ্বিমতো নাই বা দ্বিধাগ্ৰস্ততাও নাই । কিয়নো প্ৰথমখন আসনৰ বাবে বিজেপিয়ে তেওঁলোকৰ নিজা প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাক জয়ী কৰাই নিবলৈ যিমান সংখ্যক ভোটৰ প্ৰয়োজন সিমানখিনি ভোট গেৰুৱা দলটোৰ হাতত মজুত আছে ।

পবিত্ৰ মাৰ্ঘেৰিটা অনায়াসে জিকিব । কাৰণ তেওঁ জয়ী হ’বলৈ লাগে মাত্ৰ ৪২ জন বিধায়কৰ ভোট । আজিৰ তাৰিখত অসম বিধানসভাত বিজেপিৰ আছে ৬৩ গৰাকী । নিজৰ দলৰ এইখিনি ভোটৰ পৰাই ৪২ টা ভোট পবিত্ৰ মাৰ্ঘেৰিটাৰ বাবে একপ্ৰকাৰ সংৰক্ষিত । একেদৰে বিজেপিৰ মিত্ৰদল অগপৰ আছে ৯ গৰাকী বিধায়ক, ইউ পি পি এলৰ আছে ৭ গৰাকী বিধায়ক আৰু শেহতীয়াকৈ বিধানসভাত বিজেপিৰ পক্ষত থাকিম বুলি কৈ গেৰুৱা দলটোৰ সৈতে মিত্ৰতা কৰা বি পি এফৰ আছে ৩ গৰাকী বিধায়ক । অৰ্থাৎ বিজেপি আৰু মিত্ৰদল মিলি মুঠ বিধায়কৰ সংখ্যা হ'ল ৮২ গৰাকী ।

এতিয়া প্ৰশ্নটো হ'ল, বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰী জিকিবলৈ হ'লে প্ৰয়োজন হোৱা ৪২ টা ভোট বিজেপি বা মিত্ৰজোঁটৰ হাতলৈ ক'ৰ পৰা আহিব? কাৰণ, প্ৰথম প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাৰ পক্ষত ৪২ গৰাকী বিধায়কে ভোটদান কৰাৰ পিছত দ্বিতীয় পছন্দৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰীকো জয়ৰ বাবে লাগিব ৪২ টা ভোট ।

তেনেক্ষেত্ৰত কম হৈ থকা দুটা ভোট বিজেপিয়ে কেনেকৈ মেনেজ কৰিব ! অংকটো দেখাত জটিল যদিও বিজেপিয়ে যোগ বিয়োগ পূৰণ হৰণ কৰি এই জটিল যেন লগা অংকটোৰ উত্তৰ আগতেই উলিয়াই থৈছে । মন্ত্ৰী পীযুষ হাজৰিকাই এদিন দুদিনৰ মূৰে মূৰেই ইংগিত দিয়েই আছে কেনেকৈ দুয়োখন আসনত তেওঁলোক জিকিব ।

আজিৰ তাৰিখত বিজেপিৰ বাবে ব্ৰহ্মাস্ত্ৰস্বৰূপ হ'ল কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাস । আনজন নিলম্বিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদক বিজেপিয়ে নিজৰ হিচাপত ৰখা নাই । কিন্তু শশীকান্ত দাস নামত কংগ্ৰেছ বিধায়ক হ'লেও ইতিমধ্যে অৱস্থান কৰিছে বিজেপিৰ পক্ষতহে ।

দেওবাৰৰ দিনটোতো তেওঁক মুখ্যমন্ত্ৰীৰ লগত ছাঁটোৰ দৰে লাগি থকা দেখা গ’ল । গতিকে, শশীকান্ত দাসক বিজেপিয়ে নিজৰ পক্ষত ৰখাৰ লগতে ভোটদানৰ দিনা যদি বিৰোধীৰ মাত্ৰ এজনো বিধায়ক অনুপস্থিত থাকে বা বিৰোধীৰ কোনো এজন বিধায়কেও যদি বেলটত ভোটদান কৰোতে সামান্যতমো ভুল কৰে তেন্তে ৰণগৌড়া নাৰ্জাৰীৰ জয় নিশ্চিত ।

এতিয়া চাওক, কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাৰ পক্ষত থকা ভোটৰ হিচাপলৈ । সম্প্ৰতি কংগ্ৰেছৰ নিজা বিধায়ক আছে ২৭ গৰাকী (নিলম্বিত হৈ থকা শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাসক ধৰি), এ আই ইউ ডি এফৰ আছে ১৫ গৰাকী, চি পি এমৰ এগৰাকী আৰু ৰাইজৰ দলৰ এগৰাকী । দেখাত বিৰোধীৰ পক্ষত আছে ৪৪ টা ভোট । অথচ ৰিপুণ বৰাক জিকিবলৈ লাগে ৪২ টা ভোট ।

তথাপিও কংগ্ৰেছ বা বিৰোধী আস্বস্ত হ’ব পৰা নাই । আগ্ৰাসী বিজেপিৰ ত্ৰাসত এতিয়া পৰ্যাপ্ত ভোট লগত থকাৰ পিছতো কংগ্ৰেছ কম্পমান । যদি এজন বিধায়কো ভোটৰ দিনা অনুপস্থিত থাকে ! যদি বিৰোধীৰ কোনো বিধায়কে বেলটত ‘ভুল’ কৰে ! যদি ভোটৰ দিনা বিৰোধীৰ কোনো বিধায়ক ‘অসুস্থ’ হৈ পৰে ! মুঠতে এটা মুহূৰ্তৰ বাবেও আস্বস্ত হ’ব পৰা নাই কংগ্ৰেছ দল । গতিকে পবিত্ৰ মাৰ্ঘেৰিটা অনায়াসে ৰাজ্যসভালৈ গ’লেও আচল ৰণখন কিন্তু হ’ব ৰণগৌড়া নাৰ্জাৰী আৰু ৰিপুণ বৰাৰ মাজতহে ।

লগতে পঢ়ক:নিলম্বিত কংগ্ৰেছ বিধায়ক শশীকান্ত দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details