গুৱাহাটী, ১৪ মে’ :ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা নাৰেংগীৰ দ্বৈত হত্যাকাণ্ডৰ সন্দৰ্ভত দেওবাৰে নুনমাটি আৰক্ষীয়ে দাখিল কৰে অভিযোগনামা ৷ হত্যাকাণ্ডৰ প্ৰমাণৰ নথি- পত্ৰসহ আদালতত দাখিল কৰা প্ৰায় ১৩ শ পৃষ্ঠাৰ এই অভিযোগনামাত নুনমাটি আৰক্ষীয়ে স্পষ্টভাৱে উল্লেখ কৰে যে সম্পত্তি আৰু পৰকীয়া প্ৰেমৰ বাবেই দুই সহযোগীৰে মিলি বন্দনা কলিতাই শাহু শংকৰী দে’ আৰু স্বামী অমৰজ্যোতি দে’ক শীতল মস্তিষ্কৰে পৰিকল্পিতভাৱে হত্যা কৰিছিল (Police submits chargesheet against Bandana Kalita murder case) । ৮০ দিনীয়া ধাৰাবাহিক তদন্ত প্ৰক্ৰিয়াৰ অন্তত আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰে ।
উল্লেখ্য যে , বন্দনা কলিতাই স্বামী আৰু শাহুক হত্যা কৰি পিচত দাৰে টুকুৰা-টুকুৰ কৰি পলিথিনত ভৰাই মেঘালয়ৰ ডাউকী ৰোডৰ পাহাৰীয়া অঞ্চলৰ প্ৰায় ৫০/৬০ ফুট দ’ খাৱৈত পেলাই দিছিল । ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় ৭ মাহ পিচত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল এই নৃশংস হত্যাকাণ্ডৰ প্ৰকৃত ঘটনা । মহানগৰীৰ নাৰেংগী এছ বি আই বেংকৰ সমীপৰ বাসিন্দা অমৰজ্যোতি দে’ কেইবছৰমান পূৰ্বে বন্দনা কলিতা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল (Guwahati double murder) ।
বিয়াৰ কিছুদিনলৈ স্বামী স্ত্ৰীৰ সম্পৰ্ক ঠিকে আছিল যদিও অধিক উচ্চাকাংক্ষী পত্নী বন্দনাৰ সৈতে ধনজিৎ ডেকা নামৰ এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল । এই কথাক লৈ স্বামী অমৰজ্যোতি দে’ আৰু বন্দনাৰ মাজত প্ৰায়ে সংঘাতৰ সৃষ্টি হৈছিল ।
লগতে পঢ়ক :Guwahati double murder update: বন্দনাৰ পিতৃৰ ঘৰত অভিযান চলাই কি পালে আৰক্ষীয়ে !