অসম

assam

ETV Bharat / state

Sherman Ali controversy : বিধায়ক শ্বেৰমান আলীৰ PSO প্ৰত্যাহাৰ - বিতৰ্ক আৰু বিধায়ক শ্বেৰমান আলী

বিতৰ্ক আৰু বিধায়ক শ্বেৰমান আলী- এটা মুদ্ৰাৰ যেন ইপিঠি-সিপিঠি ৷ কিছুদিন পূৰ্বে উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ বিতৰ্কিত মন্তব্য কৰাৰ লগতে এগৰাকী ব্যক্তিক গুলীয়াবলৈ নিৰ্দেশ নিদিছিল নিজ দেহৰক্ষীক ৷ অৱশ্যে বিধায়ক শ্বেৰমান আলীৰ দেহৰক্ষী জোৱানজনে নুশুনিলে তেওঁৰ কথা ৷ এই ঘটনাৰ পাচতে আজি সংবাদমেল আয়োজন কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে বিধায়ক আলীৰ PSO প্ৰত্যাহাৰ কৰাৰ কথা সদৰী কৰে (Assam police remove security of MLA Sherman Ali Ahmed) ৷

Sherman Ali controversy
বিতৰ্ক আৰু বিধায়ক শ্বেৰমান আলী- এটা মুদ্ৰাৰ যেন ইপিঠি-সিপিঠি

By

Published : May 20, 2023, 5:19 PM IST

বিধায়ক শ্বেৰমান আলী সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ মন্তব্য

গুৱাহাটী, ২০ মে ’ :বিতৰ্কিত বিধায়ক শ্বেৰমান আলীৰ PSO প্ৰত্যাহাৰ কৰা হৈছে । এই কথা সদৰী কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে (Assam police remove security of MLA Sherman Ali Ahmed)। শনিবাৰে সংবাদমেলত শ্বেৰমান আলীৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নত সঞ্চালক প্ৰধান সিঙে কয় তেওঁক নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন হয় নে নাই সেয়া পৰৱৰ্তী সময়ত চিন্তা চৰ্চা কৰা হ’ব ৷

উল্লেখ্য যে, বাঘবৰ সমষ্টিৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদ বিগত ১৭ মে’ত সমষ্টিৰ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিবলৈ সমষ্টিলৈ গৈছিল । সেই অনুষ্ঠানতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Sherman Ali controversy)।

২০২১ ৰ বিধানসভা নিৰ্বাচনৰ সময়ত দলৰ কৰ্মীসকলে বাঘমাৰা চৰ নিৰ্বাচনী কাৰ্যালয়ত ব্যয় কৰা প্ৰায় দুই লক্ষ্যাধিক টকা দিবলগীয়া আছিল বিধায়কজনে । দুবছৰ উকলি যোৱাত বাঘমাৰা চৰ মণ্ডলৰ কংগ্ৰেছৰ সভাপতি আব্দুল ৰেজ্জাকে টকাখিনি বিচৰাত খঙত অগ্নিশৰ্মা হয় বিধায়কজন ।

তাৰ পাচতে বিধায়কজনে নিজৰ দেহৰক্ষী জোৱানক অন কেমেৰা মণ্ডল কংগ্ৰেছৰ সভাপতিগৰাকীক গুলীয়াবলৈ নিৰ্দেশ দিয়ে । কিন্তু দেহৰক্ষী বিধায়ক আলীৰ দেহৰক্ষীয়ে নামানিলে বিধায়কৰ নিৰ্দেশ । যাৰ বাবে মণ্ডল কংগ্ৰেছৰ সভাপতিগৰাকীৰ পাচত এইবাৰ আকৌ দেহৰক্ষী জোৱানজনক দুৰ্ব্যৱহাৰ কৰে শ্বেৰমান আলীয়ে (MLA Sherman Ali ordered PSO to shoot) ।

বিধায়ক শ্বেৰমান আলীয়ে অন কেমেৰা অশ্লীল গালি-গালাজৰ লগতে ভাবুকিও প্ৰদান কৰে নিজৰে দেহৰক্ষী জোৱানজনক । অৱশ্যে স্থানীয় একাংশ সচেতন লোকৰ তৎপৰতাত পৰিস্থিতি শাম কাটে যদিও বিধায়কজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, অসমত মিঞা মিউজিয়াম স্থাপন কৰিব লাগে বুলি কৈ শ্বেৰমান আলীয়ে বিধায়ক হৈ থকা অৱস্থাত কাৰাবাস খাটিব লগা হৈছিল ৷ লগতে নিজ দলৰ পৰাও বহিস্কৃত হৈছিল বিতৰ্কিত বিধায়ক আলী ৷ ইমানৰ পাচতো কিন্তু বিতৰ্কিত মন্তব্য কৰি প্ৰায়ে সংবাদ শিৰোনামা দখল কৰি আহিছে এইগৰাকী বিতৰ্কিত বিধায়কে ৷

লগতে পঢ়ক :MLA Sherman Ali: ক্ষমতাই মূৰত ধৰা বিধায়ক শ্বেৰমান আলীৰ অন কেমেৰা গুণ্ডাগিৰি; মুখৰো নাই লেকাম !

ABOUT THE AUTHOR

...view details