অসম

assam

ETV Bharat / state

AFSPA in Assam: চলিত বৰ্ষৰ ভিতৰত অসমৰ পৰা সম্পূৰ্ণৰূপে AFSPA প্ৰত্যাহাৰ কৰাৰ লক্ষ্য; মুখ্যমন্ত্ৰী

AFSPA সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ চলিত বৰ্ষৰ ভিতৰত অসমৰ পৰা সম্পূৰ্ণৰূপে AFSPA প্ৰত্যাহাৰৰ লক্ষ্যৰ কথা ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ ৷ সম্প্ৰতি ৰাজ্যৰ 8খন জিলাত কাৰ্যকৰী হৈ আছে এই আইন ৷

AFSPA in Assam
AFSPA in Assam

By

Published : Jul 28, 2023, 10:20 PM IST

নিউজ ডেস্ক, 28 জুলাই: বঙাইগাঁৱত অনুষ্ঠিত আৰক্ষী অধীক্ষক সন্মিলনত ‘সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন’ (AFSPA) সন্দৰ্ভত ভাষণ প্ৰসংগত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি পৰ্যৱেক্ষণ কৰি কিদৰে অসমৰ পৰা সম্পূৰ্ণৰূপে AFSPA প্ৰত্যাহাৰ কৰিব পাৰি আৰু সেনা বাহিনীৰ নিয়োজন কিদৰে হ্ৰাস কৰিব পাৰি সেই সম্পৰ্কে ব্যৱস্থা গ্ৰহণৰ বাবে অসম আৰক্ষীক নিৰ্দেশনা প্ৰদান কৰে ৷

‘‘অসম আৰক্ষীয়ে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰি ভাৰতীয় সেনাৰ জোৱানসকলক কেনেদৰে ৰাজ্যৰ পৰা মুক্ত কৰিব পাৰি সেয়া পৰীক্ষা কৰিব লাগিব ৷’’ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷

উল্লেখ্য যে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনে (1958) ভাৰতীয় সেনাক ‘অশান্ত অঞ্চল’ত ৰাজহুৱা শান্তি-শৃংখলা বজাই ৰাখিবলৈ ক্ষমতা প্ৰদান কৰে ৷ শেহতীয়াকৈ অসমৰ অধিকাংশ অঞ্চলৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা হ’ল যদিও বৰ্তমানেও 8খন জিলাত এই আইন কাৰ্যকৰী হৈ আছে ৷

ইয়াৰ পূৰ্বে ৰাজ্যৰ 9খন জিলাত এই আইন কাৰ্যকৰী হৈ আছিল যদিও বিগত 1 এপ্ৰিলত এক অধিসূচনাযোগে আৰু এখন জিলাৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা হয় ৷ মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যত বিদ্ৰোহী কাৰ্যকলাপ হ্ৰাস হোৱাৰ কথা বিবেচনা কৰি 2023 চনৰ শেষৰ ফালে ৰাজ্যখনৰ পৰা AFSPA সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ বাবে চেষ্টা কৰাৰ কথা ঘোষণা কৰে ৷

এই সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন অসমত প্ৰথম প্ৰৱৰ্তন কৰা হৈছিল 1983 চনৰ 10 এপ্ৰিল তাৰিখে । সেই সময়ত গোৱালপাৰা জিলাৰ এক হিংসাত্মক কাৰ্যত মুঠ 18 জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু তেতিয়া গোৱালপাৰাৰ লগতে 83 খন আৰক্ষী থানাৰ অধীনত 10 খন জিলাতে এই আইন প্ৰৱৰ্তন কৰা হৈছিল ।

এই AFSPA আইন বৰ্তমান সমগ্ৰ জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰযোজ্য হৈ থকাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত আংশিকৰূপে কাৰ্যকৰী হৈ আছে ।

লগতে পঢ়ক:Bongaigaon SP Conference: বঙাইগাঁৱত আৰক্ষী অধীক্ষৰ সন্মিলনত মুখ্যমন্ত্ৰীৰ আৰক্ষীলৈ উপদেশবাণী

ABOUT THE AUTHOR

...view details