নিউজ ডেস্ক, 27 মে’ :ৰাজ্যত অব্যাহত আছেড্ৰাগছ বিৰোধী অভিযান (Assam police drive against drugs)৷ যোৱা 24 ঘন্টাৰ ভিতৰত ৰাজ্যৰ তিনিঠাইত বুজন পৰিমানৰ ড্ৰাগছসহ সৰবৰাহকাৰীক কৰা হৈছে আটক ৷ তথ্য অনুসৰি, বৃহস্পতিবাৰে অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী নিমনাগড় চিংফাঙত চৰাইদেউ জিলাৰ আৰক্ষী বিষয়া অমিতাভ বসুমতাৰী, অনিতা কোঁৱৰ আৰু মথুৰাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধমেন্দ্ৰ বড়াৰ নেতৃত্বত চলোৱা এক যৌথ অভিযান ৷
এই অভিযানত চিংফাঙত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে (Drugs paddler arrested in Charaidew)৷ সুৰেখা সেন নামৰ মহিলা সৰবৰাহকাৰীগৰাকীৰ পৰা আৰক্ষীয়ে নগদ বহু লক্ষাধিক টকাৰ লগতে ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
সমান্তৰালকৈ শুকুৰবাৰে পুৱা মহানগৰীৰ গড়চুকত 62.34 গ্ৰাম হেৰইনৰ জব্দ কৰিছে আৰক্ষীয়ে ৷ গড়চুক আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই মহানগৰীৰ ISBT ত ৫ টা চাবোনৰ বাকচত বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছসহ সৰবৰাহকাৰী ৱাহিদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিবলা সক্ষম হয় । জানিব পৰা মতে, ৱাহিদুৰে ডিমাপুৰৰ পৰা প্ৰথমে গোলাঘাট আৰু তাৰ পিছত গুৱাহাটীলৈ ড্ৰাগছখিনি সৰবৰাহ কৰি লৈ আহিছিল ৷
লগতে পঢ়ক :Fake Gold Business : নকল সোণসহ বৰঘূলীৰ পৰা আটক চাৰি প্ৰৱঞ্চক