অসম

assam

ETV Bharat / state

অবৈধ ইটা ভাটাৰ বিৰুদ্ধে গৰৈমাৰীত ৰাইজৰ প্ৰতিবাদ - অবৈধ ইটা ভাটা

গ্ৰামাঞ্চলৰ পৰিৱেশ কুলষিত স্বয়ং জিলা প্ৰশাসণৰ

অবৈধ ইটা ভাটাৰ বিৰুদ্ধে গৰৈমাৰীত ৰাইজৰ প্ৰতিবাদ

By

Published : Mar 2, 2019, 7:40 PM IST


ক্ৰামৎ ঘূণে ধৰিছে ৰাজ্যৰ গ্ৰামাঞ্চলৰ প্ৰশাসন তন্ত্ৰত। এটাৰ পিচত এটাকৈ ফাদিল হৈছে প্ৰশাসন আৰু চৰকাৰৰ ফোপলা স্বৰূপ । চক্ৰ বিষয়াৰ প্ৰৰোচনাত গ্ৰামাঞ্চলত গঢ়লৈ উঠিছে বহু অবৈধ ইটা ভাটা । এই ইটা ভাটা সমূহৰ পৰা নিৰ্গত ধোৱাই দিনে নিশাই অপকাৰ সাধন কৰিছে সাধাৰণ ৰাইজৰ। কিন্তু অভিযোগ দিলেও একেবাৰে গা-নলৰেপ্ৰশাসনৰ ৷

অবৈধ ইটা ভাটাৰ বিৰুদ্ধে গৰৈমাৰীত ৰাইজৰ প্ৰতিবাদ

শনিবাৰে অৱশেষত প্ৰতিবাদী কণ্ঠৰে উপায়বিহীনহৈ ওলাই আহিল গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ কন কন শিশু আৰু স্থানীয় ৰাইজ ।জনবসতিপুৰ্ণ এলেকাত অসাধু ব্যৱসায়ীয়ে ইটা ভাটা স্থাপন কৰি গাঁওখনত থকা দুখনকৈ বিদ্যালয় আৰু গঞাৰ স্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি।আনহাতে অবৈধ ইটা ভাটাৰ বিৰুদ্ধে অভিযোগ দিয়া অভিযোগকাৰীক অপদস্ত কৰাৰো গুৰুতৰ অভিযোগ উঠিছে স্থানীয় চক্ৰ বিষয়াৰ বিৰুদ্ধে৷

ABOUT THE AUTHOR

...view details