অসম

assam

ETV Bharat / state

দেশৰ বৈদ্যুতিক ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল অসম - NF Railway

শুকুৰবাৰে দিনৰ ১.২০ বজাত দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহি থকা ১৪০৫৫ উজনিমুৱা ব্ৰহ্মপুত্র মেইলখন বিদ্যুৎ চালিত ইঞ্জিনেৰে কামাখ্যা ৰেলৱে জংচনৰ ২নং প্লেটফৰ্ম আহি পোৱাৰ পাছতে অসমৰ লগতে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ইতিহাসত এক নতুন যুগৰ সূচনা হ'ল ।

electric railways
Assam

By

Published : Oct 22, 2021, 9:47 PM IST

গুৱাহাটী, ২২ অক্টোবৰ : এক দীঘলীয়া অপেক্ষাৰ অন্তত শুকুৰবাৰে নতুন দিল্লীৰ পৰা গুৱাহাটীলৈ প্ৰথমবাৰৰ বাবে দূৰণীবটীয়া বিদ্যুৎ চালিত ইঞ্জিনেৰে যাত্রীবাহী ৰেলৰ চলাচল আৰম্ভ হ'ল । শুকুৰবাৰে দিনৰ ১.২০ বজাত দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহি থকা ১৪০৫৫ উজনিমুৱা ব্ৰহ্মপুত্র মেইলখন বিদ্যুৎ চালিত ইঞ্জিনেৰে কামাখ্যা ৰেলৱে জংচনৰ ২নং প্লেটফৰ্ম আহি পোৱাৰ পাছতে অসমৰ লগতে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ইতিহাসত এক নতুন যুগৰ সূচনা হ'ল ।

অৱশেষত দেশৰ বিদ্যুতিক ৰেলৰ মানচিত্রত অন্তৰ্ভুক্ত হ'ল অসম । আনহাতে আজি বিয়লি আন এখন দূৰণীবটীয়া বিদ্যুৎ চালিত যাত্রীবাহী ৰেল নৰ্থ ইষ্ট এক্সপ্ৰেছ নতুন দিল্লীৰ পৰা কামাখ্যা জংচনলৈ আহে । ইফালে শুকুৰবাৰে দিনৰ ২ বজাত গুৱাহাটীৰ কামাখ্যা জংচনৰ ২ নং প্লেটফৰ্মৰ পৰা দেশৰ ৰাজধানীলৈ নামনিমুৱা বিদ্যুৎ চালিত ব্ৰহ্মপুত্র মেইলখনে যাত্রা কৰে ।

এতিয়াৰে পৰা গুৱাহাটীৰ কামাখ্যা ৰেল জংচনলৈ আৰু কামাখ্যা ৰেল জংচনৰ পৰা দেশৰ বিভিন্ন প্রান্তলৈ বৈদ্যুতিক ইঞ্জিনযুক্ত ৰেল চলাচল কৰিব । বিগত এপ্রিল মাহৰ পৰা কেইবাবাৰাে পৰীক্ষামূলকভাৱে বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে’ল চলােৱাৰ পিছত আজিৰে পৰা আনুষ্ঠানিকভাৱে চলাচল কৰােৱাৰ বাবে এন এফ ৰে'লৱে সিদ্ধান্ত গ্রহণ কৰে ।

ইফালে এন এফ ৰে'লৱেৰ এই সিদ্ধান্ত অসমৰ অৰ্থনীতিৰ বাবে এক যুগান্তকাৰী বুলি পদক্ষেপ বুলি আখ্যা দিছে ৰাজ্যিক বিজেপিয়ে । ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত কোৱা হয় যে, বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে'লৰ চলাচলে যােগাযােগ ব্যৱস্থাক ক্ষীপ্ৰ কৰি তােলাৰ লগতে খাদ্য বস্তু আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্রীৰ সৰবৰাহ কৰা প্রক্রিয়াক সুচল আৰু সুলভ কৰি তুলিব ।

বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে'লৰ চলাচলে অসমৰ অর্থনীতিক আত্মনিৰ্ভৰ কৰি তােলাত যথেষ্ট অৰিহণা আগবঢ়াব বুলি বিজেপি অসম প্রদেশৰ সভাপতি ভৱেশ কলিতাই সদৰি কৰিছে । লগতে তেওঁ এন এফ ৰেলৱেৰ বিষয়া কৰ্মচাৰী সকলক ইয়াৰ বাবে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰে । উত্তৰ-পূব সীমান্ত ৰেলৱেত সৰ্বমুঠ ৭৬০ কিলােমিটাৰ ৰেলপথ বৈদ্যুতিকৰণ কৰি কেন্দ্রীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক আৰু যুগান্তকাৰী আন্তঃগাঁথনি নির্মাণ কৰি উলিয়াইছে ।

উল্লেখ্য যে এই বৈদ্যুতিকৰণৰ কাৰ্য ৰেল বিকাশ নিগম লিমিটেড আৰু ৰেল বৈদ্যুতিকৰণৰ কেন্দ্রীয় সংস্থাই সম্পাদন কৰে । এই পর্যন্ত কাটিহাৰ আৰু মালদাৰ পৰা নিউ কোচবিহাৰ পর্যন্ত বৈদ্যুতিক ইঞ্জিনেৰে চালিত ৰেলৰ চলাচল হৈছিল । সাধাৰণতে নামনিমুৱা ৰে'লসমূহৰ পৰা নিউ কোচবিহাৰত বৈদ্যুতিক ইঞ্জিন আঁতৰাই যাত্ৰাৰ বাবে ডিজেল ইঞ্জিন সংযােজিত কৰা হৈছিল ।

বর্তমান কামাখ্যা পর্যন্ত বৈদুতিকৰণৰ কাম কার্য সম্পূর্ণ হৈ উঠাৰ বাবে ৰে'লৰ ট্রেক পৰিৱৰ্তন নকৰাকৈয়ে প্রত্যক্ষ ৰূপে কামাখ্যা জংচন পর্যন্ত চলাচল কৰিব পাৰিব । ঠিক এনেধৰণে নতুন দিল্লীৰ পৰা কামাখ্যা পর্যন্ত ইঞ্জিন পৰিৱৰ্তন নকৰাকৈ প্রত্যক্ষৰূপে ৰেল যােগাযােগ এতিয়াৰে পৰা সম্ভৱ হৈ উঠিল । দীর্ঘদিন ধৰি অসমৰ ৰাইজে ৰে'ল পথৰ বৈদ্যুতিকীকৰণৰ বাবে দাবী উত্থাপন কৰি কৰি আহিছিল । অৱশেষত অসমৰ ৰাইজে বিদ্যুৎ চালিত ৰেলেৰে ভ্ৰমণ কৰা সুবিধা লাভ কৰিবলৈ সক্ষম হ'ল ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্বাচন আয়োগক পত্ৰ বিৰোধী দলপতিৰ

ABOUT THE AUTHOR

...view details