অসম

assam

ETV Bharat / state

HSLC exam 2022 : ১৫ মাৰ্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা - HSLC exam 2022

এবছৰৰ বিৰতিৰ পাছত পুনৰ ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা(HSLC and AHM exams 2022)। সৰ্বমুঠ ৪,৩১,১৩২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব এই পৰীক্ষাত ৷

hslc-examination-held-in-assam
১৫ মাৰ্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা

By

Published : Mar 14, 2022, 7:49 PM IST

গুৱাহাটী, 14 মাৰ্চ :ক'ভিড পৰিস্থিতিৰ বাবে বিগত এটা বছৰ অনুষ্ঠিত হোৱা নাছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা । ২০২১ বৰ্ষত পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে পূৰ্বৰ পৰীক্ষাৰ আধাৰত বিশেষ মূল্যায়েনেৰে ছাত্ৰ-ছাত্ৰী সকলক উত্তীৰ্ণ কৰি দিয়া হৈছিল । এবছৰৰ বিৰতিৰ পাছত পুনৰ ১৫ মাৰ্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা(HSLC and AHM exams 2022) ।

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত ১৫ মাৰ্চৰ পৰা সৰ্বমুঠ ৯০৩ টা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰা হ'ব(HSLC Examination held in the state) । ছেবাই এক প্ৰেছ বিবৃতিযোগে জনোৱা মতে ৯০৩ টা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ১৩১ টা অসম হাইমাদ্ৰাছা পৰীক্ষাৰ কেন্দ্ৰও সংলগ্ন হৈ আছে । এইবছৰ সৰ্বমুঠ পৰীক্ষাৰ্থী হৈছে ৪,৩১,১৩২ গৰাকী । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব মুঠ ৪,১৯,৮৮৭ গৰাকী পৰীক্ষাৰ্থী । ইয়াৰে ভিতৰত ছাত্ৰৰ সংখ্যা হৈছে সৰ্বমুঠ ১,৯৫,১৮১ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা ২,২৪,৭০৬ গৰাকী ৷

আনহাতে, হাইমাদ্ৰাছা পৰীক্ষাৰ পৰীক্ষাৰ্থী হৈছে সৰ্বমুঠ ১১,২৪৫ গৰাকী । ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা ৪,১৯৯ গৰাকী আৰু ছাত্ৰী হৈছে ৭,০৪৬ গৰাকী ।

এইবৰ্ষত বিশেষভাৱে সক্ষম সকলৰ ভিতৰত ২১ গৰাকী দৃষ্টিহীন আৰু ৪৬ গৰাকী মুকবধিৰ পৰীক্ষার্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব । লগতে এইবেলি পৰীক্ষাৰ্থীসকলে পোন প্ৰথমবাৰৰ বাবে Commerce, Karbi(E) আৰু Beauty & Wellness অতিৰিক্ত বিষয় হিচাপে পৰীক্ষা দিয়াৰ সুবিধা লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে ।

ইফালে পৰীক্ষাৰ্থীসকলক অসম মাধ্যমিক শিক্ষা পৰিষদৰ ফালৰ পৰা শুভেচ্ছা জনোৱাৰ লগতে সংশ্লিষ্ট ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক সমাজ, সংবাদ মাধ্যম, বিভিন্ন দল সংগঠন আৰু নাগৰিক সকলৰ পৰা পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে সহায় সহযোগিতা কামনা কৰিছে ছেবাই ।

উল্লেখ্য যে, ২০২১ বৰ্ষৰ প্ৰশ্ন কাকতেৰে অনুষ্ঠিত হ'ব এইবাৰৰ মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা । বিগত বৰ্ষত ক'ভিড-১৯ৰ বাবে প্ৰশ্ন কাকত সাজু কৰিও শেষ মুহূৰ্তত পৰীক্ষা বাতিল কৰিব লগা হৈছিল ছেবাই । সেয়ে উক্ত বর্ষত সাজু কৰা প্ৰশ্ন কাকতেৰে অনুষ্ঠিত কৰা হ'ব এইবৰ্ষৰ পৰীক্ষা মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা ৷

লগতে পঢ়ক :The Kashmir Files: কাইলৈ সদলবলে "দ্য কাশ্মীৰ ফাইলছ" উপভোগ কৰিব মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details