অসম

assam

By

Published : May 17, 2019, 7:46 PM IST

ETV Bharat / state

টুপী-লুঙী পিন্ধা আৰু মুছলমান মানে বাংলাদেশী নহয়ঃ অভিজিত শৰ্মা

উল্লেখ্য যে বুধবাৰে গুৱাহাটী চেন্ট্ৰেলৰ সমীপত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ ঘটনাক তীব্ৰ সামলোচনা কৰে অভিজিত শৰ্মাই লগতে চৰকাৰক উগ্ৰপন্থী সমস্য সমাধানৰ আহ্বান জনায়।

টুপী-লুঙী পিন্ধা আৰু মুছলমান মানে বাংলাদেশী নহয়ঃ অভিজিত শৰ্মা

গুৱাহাটী, 17 মেঃ "বাংলাদেশীৰ নামত বহুতে দোকান চলাই আছে, অসমৰ বাংলাদেশী সমস্য সমাধান হোৱাটো বহুতে নিবিচাৰে বাবে এই সমস্যটো জীয়াই ৰাখিব বিচাৰিছে ৷ টুপী-লুঙী পিন্ধা আৰু মুছলমান মানে বাংলাদেশী নহয়" এই মন্তব্য অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাৰ৷ শুকুৰবাৰে মহানগৰীত এখন সংবাদ মেল সম্বোধন কৰি উক্ত মন্তব্য কৰে সভাপতিজনে৷

টুপী-লুঙী পিন্ধা আৰু মুছলমান মানে বাংলাদেশী নহয়ঃ অভিজিত শৰ্মা

সংবাদ মেলখনত অভিজিত শৰ্মাই বহু কেইটা অভিযোগ উত্থাপন কৰি কয় যে ৰাজ্যত এন আৰ চিৰ কাম পূৰ্ণ গতিত চলি থকাৰ মাজতে বহু ঠাইত এন আৰ চিত নাম সন্নিৱিষ্ট হোৱা লোকৰ বিৰুদ্ধে আপত্তি দৰ্শোৱাৰ ফলত বহু প্ৰকৃত ভাৰতীয় লোকৰ বিৰুদ্ধেও আপত্তি দাখিল কৰা পৰিলক্ষিত হৈছে ফলত হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হৈছে বহু প্ৰকৃত ভাৰতীয়৷ লগতে বাংলাদেশীৰ নামত ৰাজ্যত বহু লোকে দোকান চলাই আছে, বাংলাদেশী নামৰ দোকানখন বন্ধ হলে বহুতৰে ভাত মৰিব সেয়ে বাংলাদেশী সমস্যাটো বহুতে জীয়াই ৰাখিব বিচাৰে।

উল্লেখ্য যে বুধবাৰে গুৱাহাটী চেন্টেলৰ সমীপত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ ঘটনাক তীব্ৰ সমালোচনা কৰে অভিজিত শৰ্মাই লগতে চৰকাৰক উগ্ৰপন্থী সমস্য সমাধানৰ আহ্বান জনায়।

ABOUT THE AUTHOR

...view details