অসম

assam

ETV Bharat / state

পূজাৰ পাচতেই উপ-নিৰ্বাচন বিচাৰিছে দিছপুৰে

আগন্তুক দুৰ্গা পূজাৰ পাচতেই উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে ৰাজ্য চৰকাৰে ৷ কৰ’ণা(Corona) পৰিস্থিতি অসমত ইতিমধ্যে যথেষ্ঠ উন্নত হৈছে আৰু উপ-নিৰ্বাচন অনুষ্ঠিত কৰাত কোনো বাধাৰ সৃষ্টি নকৰিব বুলিও আশা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ।

By

Published : Sep 24, 2021, 1:45 PM IST

assam-govt-wants-by-election-after-durga-puja
পূজাৰ পাচতেই উপ-নিৰ্বাচন বিচাৰিছে দিছপুৰে

গুৱাহাটী, 24 ছেপ্তেম্বৰ : আগন্তুক দুৰ্গা পূজা(Durga Puja)ৰ পাচতে ৰাজ্যৰ 6 টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন(By Election) অনুষ্ঠিত হোৱাতো বিচাৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে মুখ্য সচিব জিষ্ণু বৰুৱা(JishnuBarua)ই এই কথা জনাই দেশৰ নিৰ্বাচন আয়োগ(Election Commission)লৈ এখন পত্ৰও প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে, ক’ভিড(Covid) পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সময়ত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ ৰাজ্য চৰকাৰ কি ধৰণে সাজু হৈছে, সেই বিষয়ে দেশৰ নিৰ্বাচন আয়োগে ৰাজ্য চৰকাৰৰ পৰা মতামত বিচাৰি এক পত্ৰ প্ৰেৰণ কৰিছিল । সেই পত্ৰৰ উত্তৰ ইতিমধ্যে প্ৰেৰণ কৰিছে মুখ্য সচিবে ।

মুখ্য সচিবৰ কাৰ্যালয়ৰ এক সুত্ৰই প্ৰকাশ কৰা মতে, আগন্তুক দুৰ্গা পূজাৰ পাচতেই উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে ৰাজ্য চৰকাৰে ৷ আনহাতে, অসমত ক’ভিড পৰিস্থিতি এই সময়চোৱাত ইতিমধ্যে যথেষ্ঠ উন্নত হৈছে আৰু উপ-নিৰ্বাচন অনুষ্ঠিত কৰাত কোনো বাধাৰ সৃষ্টি নকৰিব বুলিও আশা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ।

স্মাৰ্তব্য যে, তামুলপুৰ, গোঁসাইগাঁও, মৰিয়নী, থাওৰা আৰু মাজুলীৰ উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ ।

লগতে পঢ়ক :গৰুখুঁটিৰ ঘটনাক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া: হিমন্ত বিশ্ব সাম্প্ৰদায়িক

ABOUT THE AUTHOR

...view details