অসম

assam

ETV Bharat / state

Assam cabinet in Silchar: শিলচৰৰ কেবিনেটত লোৱা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত - ইন্দিৰা মিৰি বিধৱা পেঞ্চন

গুৱাহাটীত আকৌ নতুন তিনিখন উৰণীয়া সেঁতু নিৰ্মাণ কৰা হ'ব । বৰঝাৰ বিমানবন্দৰৰ টাৰ্মিনেল বিল্ডিঙৰ ওচৰৰ পৰা আজাৰালৈ নতুন পথ নিৰ্মাণ কৰা হ'ব । অহা ৫ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ চৰকাৰে কেইবাখনো জিলাৰ বিকাশৰ বাবে এটা পষেক কাৰ্যসূচী ৰূপায়ণ কৰিব । এনে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় মঙলবাৰে শিলচৰত অনুষ্ঠিত কেবিনেট বৈঠকত(Assam cabinet in Silchar) ৷

Assam cabinet in Silchar
শিলচৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

By

Published : Nov 29, 2022, 6:38 PM IST

গুৱাহাটী, 29 নৱেম্বৰ : শিলচৰত মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয় (Assam cabinet in Silchar)। কেবিনেটত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰাজহ সম্পৰ্কীয়, গুৱাহাটীত নতুন উৰণ সেঁতু নিৰ্মাণৰ লগতে কেইবাখনো জিলাত মেডিকেল কলেজ নিৰ্মাণ আৰু বৰাক উপত্যকাৰ উন্নয়ণৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

শিলচৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কেবিনেট বৈঠকৰ পিছতে অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ ৰাজহুৱা কৰে । কেবিনেটৰ সিদ্ধান্ত অনুসৰি 2023ৰ 31 মাৰ্চৰ ভিতৰত নতুনকৈ 10 লাখ 57 হাজাৰ 516 গৰাকী অৰুণোদয় হিতাধিকাৰী সংযুক্ত কৰা হ'ব । ইয়াৰ বাবে অহা বছৰ 7 জানুৱাৰীৰ পৰা নতুন অৰুণোদয় হিতাধিকাৰীৰ বাবে আবেদন কৰিব পাৰিব ।

বৰ্তমান ৰাজ্যখনত 17 লাখ গৰাকী অৰুণোদয় হিতাধিকাৰী আছে । মুখ্যমন্ত্ৰীয়ে জনায় যে এতিয়াৰে পৰা ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনি (Indira Miri Sarbajanin Pension) আৰু দীনদয়াল দিবাংগ আঁচনি অৰুণোদয় আঁচনিৰ লগত সংলগ্ন কৰা হ'ব । মুখ্যমন্ত্ৰীয়ে কয় যে কেবিনেটে ৩২২ টা ৰাজহ সম্পৰ্কীয় প্ৰস্তাৱত অনুমোদন জনায় । গুৱাহাটীত আকৌ নতুন তিনিখন উৰণীয়া সেঁতু নিৰ্মাণ কৰা হ'ব (New flyover in Guwahati)। জি এছ ৰোডত ডাউন টাউন হাস্পতালৰ সন্মুখত এখন, ফটাশিল আমবাৰীৰ চাইকেল ফেক্টৰীৰ সন্মুখত এখন আৰু কুমাৰপাৰাৰ ফটাশিল আমবাৰী পথত এখন উৰণীয়া সেঁতু নিৰ্মাণ কৰা হ’ব ।

Rites নামৰ কোম্পানীক উৰণীয়া সেতু তিনিখনৰ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ দায়িত্ব হৈছে । ইপিনে বৰঝাৰ বিমানবন্দৰৰ টাৰ্মিনেল বিল্ডিঙৰ ওচৰৰ পৰা আজাৰালৈ নতুন পথ নিৰ্মাণ কৰা হ'ব । সংবাদমেলত মুখ্যমন্ত্ৰীয়ে জনায় যে অহা ৫ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ চৰকাৰে কেইবাখনো জিলাৰ বিকাশৰ বাবে এটা পষেক কাৰ্যসূচী ৰূপায়ণ কৰিব । এই কাৰ্যসূচীৰ অংশ হিচাপে তামুলপুৰত নতুন মেডিকেল কলেজ নিৰ্মাণৰ কাম, বাকসা আৰু তামুলপুৰৰ মাজত পাগলাদিয়া নদীৰ ওপৰত নতুন দলং নিৰ্মাণৰ কাম, গোলাঘাটত নতুন মেডিকেল কলেজ নিৰ্মাণৰ কাম, মাজুলী আৰু লখিমপুৰক সংযোগ কৰি লুইতৰ ওপৰত নতুন দলং নিৰ্মাণৰ কাম, যোৰহাটত লাচিত বৰফুকনৰ সমাধিৰ ওচৰৰ কামৰ ভূমি ভূজনৰ কাম আদি আৰম্ভ কৰা হ’ব ।

আকৌ ৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ চৰকাৰে আন কেইবাখনো জিলাৰ বিকাশৰ বাবে এটা পষেকৰ দ্বিতীয় কাৰ্যসূচী ৰূপায়ণ কৰিব । সংবাদমেলত বৰাক উপত্যকাৰ উন্নয়নৰ কেবাটাও আঁচনিৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে । বৰাকৰ গুৰুচৰণ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ব, বৰকাৰ ইঞ্জিনিয়াৰিং কলেজৰ উন্নয়নৰ বাবে ৫০ কোটি টকা অনুমোদন, শিলচৰ মেডিকেল কলেজত চুপাৰ স্পেচিলিয়েটী বিভাগ নিৰ্মাণৰ বাবে ২২৭ কোটি টকাৰ অনুমোদন আৰু শিলচৰৰ কাৰাগাৰ লক্ষীপুৰলৈ স্থানান্তৰ কৰাৰ অনুমোদন জনোৱা হয় ।

লগতে পঢ়ক :Guwahati City Police: মহানগৰীত পৰিকল্পিত অপৰাধ নিয়ন্ত্ৰণত চৰম ব্যৰ্থতা প্ৰদৰ্শন আৰক্ষীৰ

ABOUT THE AUTHOR

...view details