অসম

assam

ETV Bharat / state

Plastic water bottle: 2 অক্টোবৰৰ পৰা ৰাজ্যত নিষিদ্ধ হ’ব 1 লিটাৰৰ তলৰ পানীৰ বটল - পানীৰ বটল

1 লিটাৰৰ তলৰ প্লাষ্টিকৰ পানীৰ বটল নিষিদ্ধ ঘোষণা কৰি ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগে জাৰী কৰিলে আনুষ্ঠানিক নিৰ্দেশনা ৷ 2 অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা ৷

Plastic water bottle
Plastic water bottle

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 9:35 PM IST

নেশ্যনেল ডেস্ক, 25 আগষ্ট: ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগে ৰাজ্যখনত 1000 মিলিলিটাৰৰ তলৰ ক্ষমতাৰ প্লাষ্টিকৰ পানীৰ বটলৰ নিৰ্মাণ, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰি এক চৰকাৰী বিবৃতি প্ৰকাশ কৰিছে । 2 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই নিয়মাৱলী পৰিৱেশ সংৰক্ষণ আৰু স্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে জাৰী কৰিছে এই নিৰ্দেশ ৷

বিগত মাহত, অসম চৰকাৰে এই বছৰৰ 2 অক্টোবৰৰ পৰা 1 লিটাৰতকৈ কম পৰিমাণৰ পলিইথিলিন টেৰেফ্থালেট (Polyethylene terephthalate) সামগ্ৰীৰ পৰা তৈয়াৰ কৰা খোৱা পানীৰ বটলৰ উৎপাদন আৰু ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল ৷

এই ঘোষণা অনুসৰি, অসমৰ পৰিৱেশ আৰু বন বিভাগে 23 আগষ্টত এক জাননী জাৰি কৰে ৷ এই জাননীয়ে ৰাজ্যখনত 1000 মিলিলিটাৰ ক্ষমতাৰ তলৰ প্লাষ্টিকৰ পানীৰ বটলৰ ওপৰত ব্যাপক নিষেধাজ্ঞা নিশ্চিত কৰে ৷ সৰু পেকেটযুক্ত খোৱা পানীৰ বটলে ডাঙৰ বটলত কৈ অধিক প্ৰদূষণ কৰাৰ আশংকা কৰি এই সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ৷ চৰকাৰী অধিসূচনাত পৰিৱেশ (সুৰক্ষা) আইন, 1986-ৰ অধীনত এনে নিষেধাজ্ঞা বলবৎ কৰাৰ অসম চৰকাৰৰ আইনী কৰ্তৃত্বৰ বিৱৰণ দিয়া হৈছে ৷

2 অক্টোবৰৰ পৰা প্ৰণয়ন হ'বলগীয়া এই নিষেধাজ্ঞা নগৰ আৰু গ্ৰাম্য স্থানীয় সংস্থা, জিলা প্ৰশাসন, আৰক্ষী বিভাগ আৰু অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডকে ধৰি সংশ্লিষ্ট কৰ্তৃপক্ষই তত্বাৱধান আৰু বলবৎ কৰিব ৷

অসমে প্লাষ্টিক আৱৰ্জনাৰ প্ৰতিকূল পাৰিপাৰ্শ্বিক প্ৰভাৱ হ্ৰাস কৰা আৰু ৰাজ্যখনত বহনক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই পদক্ষেপ গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে ৷ অৱশ্যে চৰকাৰৰ এই নিৰ্দেশনা কিমান ফলপ্ৰসূ হ’ব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ৷ কিয়নো অসম চৰকাৰে বিগত বৰ্ষত এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ সামগ্ৰী নিষিদ্ধ কৰিছিল যদিও বৰ্তমানেও ৰাজ্যখনত তেনে প্লাষ্টিকৰ পয়োভৰ দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক:Assam Cabinet Meeting: হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ ১০০ সংখ্যক কেবিনেটত নতুন জিলা, উপ-জিলা গঠনৰ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details