গুৱাহাটী, 21 নৱেম্বৰ :পথবোৰ বহল হ’ব লাগে, তেতিয়া যাতায়তৰ সুবিধা হয় ৷ কেৱল যাতায়তৰ সুবিধাই নহয়, পথবোৰ বহল কৰিলে চৰকাৰেও নিজৰ গুণ বখানিবলৈ সুবিধা পায় ৷ তাৰ বাবে যি পৰ্যায়লৈকে যাব লাগে চৰকাৰ যাব ৷ সেয়ে অমৃতবৃক্ষ ৰোৱা হাত দুখনেৰেই এফালৰ পৰা কাটি গৈছে উশাহৰ সাহ গছবোৰ ৷ উন্নয়নৰ জয়গান গুণগুণায়েই কাটি আছে গছবোৰ ৷ ৰাজধানী চহৰ গুৱাহাটীৰ নাতিদূৰৈৰ এটা দৃশ্য দেখিলে শোক এটাই খুন্দা মাৰি ধৰিব ৷ কংক্ৰিটৰ মহানগৰখনৰ দৰেই এই অঞ্চলৰ সেউজীয়াবোৰ লাহে লাহে ৰূপান্তৰিত হৈছে ধূসৰতালৈ ৷
এটা বৃহৎ অঞ্চলত সৃষ্টিৰ কুচকাৱাজেৰে চলিছে ধ্বংস ৷ যাতায়ত সুচল কৰাৰ বাবে উশাহ বন্ধ কৰাবলৈও সাজু চৰকাৰ ৷ অঞ্চলটোত হেনো পথ বহল কৰিব ৷ ৰাইবৰীৰ পৰা ভিআইপিলৈকে প্ৰায় দুই কিলোমিটাৰ পথত থকা শাল, চেগুন, ৰাধাচূড়া, আম আদিকে ধৰি প্ৰায় ২৮০ জোপা মূল্যবান গছ কটাৰ হুকুম দিছে বন বিভাগে ৷ ফলত স্থানীয় লোকৰ চকু সেমেকা কৰি প্ৰায় ৭০/৮০ বছৰ ধৰি দেখি অহা গছবোৰ নিমিষতে কাটি তহিলং কৰা হৈছে উন্নয়নৰ স্বাৰ্থত ৷