অসম

assam

By

Published : Jan 8, 2021, 6:02 PM IST

ETV Bharat / state

বাৰ্ড ফ্লুঃ অসমলৈ ব্ৰইলাৰৰ আমদানি বন্ধৰ নিৰ্দেশ চৰকাৰৰ

দেশৰ কেইবাখনো ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বাৰ্ড ফ্লুৱে । এনে পৰিস্থিতিত বহিঃ ৰাজ্যৰ পৰা অসমলৈ ব্ৰইলাৰৰ আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে ।

অসমলৈ ব্ৰইলাৰৰ আমদানি বন্ধৰ নিৰ্দেশ চৰকাৰৰ
অসমলৈ ব্ৰইলাৰৰ আমদানি বন্ধৰ নিৰ্দেশ চৰকাৰৰ

গুৱাহাটী, ৮ জানুৱাৰী: COVID-১৯ মহামাৰীয়ে মানৱ জাতিক ভয়াৱহ সংকটৰ মাজলৈ ঠেলি দিয়াৰ সময়তে এইবাৰ পক্ষীকুললৈ বিপদ মাতি আনিছে এভিয়ান ইনফ্লুয়েঞ্জাই । দেশৰ বিভিন্ন ৰাজ্যত এই বাৰ্ড ফ্লুৱে একপ্ৰকাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰাত অসমলৈ বহিঃ ৰাজ্যৰ পৰা ব্ৰইলাৰৰ আমদানি তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে । শুক্ৰবাৰে ৰাজ্যৰ পশুপালন বিভাগৰ সচিবে এই নিৰ্দেশ জাৰি কৰে ।

অসমলৈ ব্ৰইলাৰৰ আমদানি বন্ধৰ নিৰ্দেশ চৰকাৰৰ

সেই অনুসৰি অসমলৈ পশ্চিম সীমান্তৰে বহিঃ ৰাজ্যৰ পৰা প্ৰৱেশ কৰা সকলো ব্ৰইলাৰ কঢ়িওৱা বাহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে । পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বহিঃ ৰাজ্যৰ ব্ৰইলাৰ কঢ়িওৱা বাহনৰ অসমত প্ৰৱেশ বন্ধ থাকিব ।

লগতে পঢ়ক:NHIDCLৰ কাৰ্যত ক্ষোভিত কলিয়াবৰৰ ৰাইজ

ABOUT THE AUTHOR

...view details