অসম

assam

By

Published : Jul 30, 2021, 5:43 PM IST

ETV Bharat / state

লাভলীনালৈ ৫০ লাখ টকা আৰু প্ৰথম শ্ৰেণীৰ চাকৰি ঘোষণা ৰাজ্য চৰকাৰৰ

টকিঅ' অলিম্পিকত ইতিহাস ৰচিলে লাভলীনা বৰগোঁহায়ে(Lovlina Borgohain) । বক্সিঙৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি টকিঅ' অলিম্পিক(Tokyo Olympics)ত পদক নিশ্চিত কৰিছে অসমৰ লাভলীনা বৰগোঁহায়ে । অলিম্পিকত লাভলীনা বৰগোঁহাইৰ চমকপ্ৰদ সফলতাৰ পিছত ৰাজ্য চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা ।

Assam govt announces govt job to boxer Lovlina Borgohain
লাভলীনা বৰগোহাঁইলৈ ৫০ লাখ টকা আৰু প্ৰথম শ্ৰেণীৰ চাকৰি ঘোষণা ৰাজ্য চৰকাৰৰ

গুৱাহাটী, ৩০ জুলাই: অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে সুনাম কঢ়িয়াই আনিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে(Lovlina Borgohain) । বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনা বৰগোঁহায়ে জয়লাভ কৰাৰ লগে লগে টকিঅ' অলিম্পিক(Tokyo Olympics)ত ভাৰতৰ আৰু এটা পদক নিশ্চিত হ'ল । ছেমি ফাইনেলত প্ৰৱেশ কৰি লক্ষ্যৰ দিশে আৰু এখোজ আগবাঢ়িল অসমৰ লাভলীনা বৰগোঁহাই । অলিম্পিকত লাভলীনাৰ চমকপ্ৰদ সফলতাৰ পিছত ৰাজ্য চৰকাৰে এক বৃহৎ ঘোষণা কৰিছে ।

লাভলীনা বৰগোহাঁইলৈ ৫০ লাখ টকা আৰু প্ৰথম শ্ৰেণীৰ চাকৰি ঘোষণা ৰাজ্য চৰকাৰৰ

লাভলীনা বৰগোঁহাইলৈ প্ৰথম শ্ৰেণীৰ চাকৰিৰ লগতে ৫০ লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে । উল্লেখ্য যে, বুধবাৰে ৰাজ্যিক কেবিনেটত খেল জগতৰ বাবে বৃহৎ সিদ্ধান্ত লোৱা হৈছিল । অলিম্পিক, কমনৱেলথচ আৰু এছিয়ান গেমচত পদক লাভ কৰা খেলুৱৈক প্ৰথম শ্ৰেণীৰ চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত লৈছিল চৰকাৰে । সেই অনুসৰি লাভলীনা বৰগোঁহায়ে ল‍াভ কৰিব প্ৰথম শ্ৰেণীৰ চৰকাৰী চাকৰি ।

লাভলীনাৰ এই সফলতাৰ পাছতে শুভেচ্ছা জনাইছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লাভলীনাই স্বৰ্ণপদক অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লাভলীনালৈ শুভেচ্ছা জ্ঞাপন কৰে ।

লাভলীনালৈ শুভেচ্ছা জনাইছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱেও । মন্ত্ৰী বিমল বৰায়ো শুভেচ্ছা জ্ঞাপন কৰিছে বক্সাৰগৰাকীক । ৰাজ্যৰ ক্ৰীড়া বিভাগৰ ফালৰ পৰা লাভলীনালৈ ৫০ লাখ টকাৰ পুৰস্কাৰৰ ঘোষণা কৰা হৈছে ।

ইফালে, লাভলীনাই ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পিছতে ৰাজ্যজুৰি আনন্দৰ বন্যা বৈছে । লাভলীনাৰ সফলতাৰ পিছতে আপোন ঘৰখনৰ লগতে বিভিন্ন স্থানত ক্ৰীড়াপ্ৰেমীসকল আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে । সকলোৱে লাভলীনাৰ আগন্তুক প্ৰতিযোগিতাৰ বাবে শুভকামনা জনাইছে ।

লগতে পঢ়ক:Tokyo Olympics : বক্সিঙৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই

ABOUT THE AUTHOR

...view details