গুৱাহাটী, 9 জানুৱাৰীঃ বৃহস্পতিবাৰে চৰকাৰৰ তিনিখন বিশেষ আঁচনি ঘোষণা কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনৰ C ব্লকত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি আঁচনি কেইখনৰ কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
- দুটাকৈ পেপাৰ মিলৰ ৭০০ কৰ্মচাৰীৰ ছাত্ৰ ছাত্ৰীক এককালীনভাবে বিশেষ শিক্ষাগত সাহায্য ৷
- NHM ৰ কৰ্মচাৰী আৰু দিব্যাংগ লোককো সামৰি দুখনকৈ আঁচনি লৈছে চৰকাৰে ৷
- মেডিকেল, পি এইচ ডি, ইঞ্জিনিয়াৰিং বা এনে বৃত্তি মূলক শিক্ষা গ্ৰহণৰ বাবে 1লাখ টকা এককালীন সাহায্য প্ৰদান কৰিব জাগীৰোড কাগজ কলৰ কৰ্মচাৰীৰ ছাত্র ছাত্ৰী সকলক ।
- লগতে স্নাতকোত্তৰত অধ্যয়নৰত: ছাত্র ছাত্ৰী ৰ বাবে 75 হাজাৰ টকাৰ সাহায্য ৷
- স্নাতক ছাত্র ছাত্ৰীৰ বাবেও 50 হাজাৰ টকা দিব চৰকাৰে ।
অহা 14 জানুৱাৰী ৰ পৰা 20জানুৱাৰী ৰ ভিতৰত আবেদন কৰিব লাগিব ছাত্র-ছাত্ৰীসকলে বিত্ত বিভাগৰ ৱেব পৰ্টৈলত । ২০ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে মৰিগাঁও জিলা আৰুহাইলাকান্দিজিলা উপায়ুক্তই ক্ষেত্ৰ জৰীপ চলাই বাছি উলিয়াব ছাত্ৰ ছাত্ৰী। অৱসৰ লোৱা কৰ্মচাৰীসকলৰ সন্তানে লাভ নকৰে এই সাহায্য।অহা ফেব্ৰুৱাৰী মাহৰ পৰা লাভ কৰিব এই সাহায্য। যোৱা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ
- NHMৰ কৰ্মচাৰী সকল আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসাৰ বাবদ ৫ লাখ টকাৰ এককালীন সাহায্য।
- ৰাজ্যত কমৰৰ্ত ঠিকাভিত্তিক টেট শিক্ষক,ষ্টেটপুল শিক্ষক সকলে এই সুবিধা পৰৱৰ্তী সময়ত লাভ কৰিব৷