অসম

assam

ETV Bharat / state

বিশ্ব বেংকৰ আৰ্শীবাদত অসমৰ উন্নয়নে লাভ কৰিব নতুন মাত্ৰা - বিশ্ব বেংকৰ সৈতে এক বুজাবুজিৰ চুক্তি

গতিশীলতা প্ৰদানৰ লক্ষ্যৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগে বিশ্ব বেংকৰ সৈতে স্বাক্ষৰ কৰিছে এক বুজাবুজিৰ চুক্তি । বিশ্ব বেংকৰ পৰা ৭৭০ কোটি টকাৰ ঋণ লাভ কৰিছে বিভাগটোৱে ।

ASSAM GOVERNMENT ENTERS AN MOU WITH WORLD BANK
বিশ্ব বেংকৰ আৰ্শীবাদত অসমৰ উন্নয়নে লাভ কৰিব নতুন মাত্ৰা

By

Published : Nov 9, 2021, 7:05 PM IST

গুৱাহাটী, ৯ নৱেম্বৰ :ৰাজ্যৰ জল পৰিবহন ব্যৱস্থাটোক অধিক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগে বিশ্ব বেংকৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে । ইয়াৰ দ্বাৰা বিভাগটোৱে বিশ্ব বেংকৰ পৰা ৭৭০ কোটি টকাৰ ঋণ লাভ কৰিছে । টুইটাৰ যোগে এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

বিশ্ব বেংকৰ আৰ্শীবাদত অসমৰ উন্নয়নে লাভ কৰিব নতুন মাত্ৰা

উল্লেখ্য যে, কেইবাটাও কাৰ্যসূচী লৈ সোমবাৰে বিয়লি দিল্লীলৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশা সাক্ষাৎ কৰে বিশ্ব বেংকৰ ৰাষ্ট্ৰ সঞ্চালক জুনেইড আহমেদক । বিশ্ব বেংকৰ ৰাষ্ট্র সঞ্চালক আৰু শীর্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় । অসমৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে একেলগে কাম কৰিব বিশ্ব বেংকে ৷

কেইবাটাও প্রকল্প ৰূপায়ণৰ বাবে অচিৰেই বিশ্ব বেংকে পদক্ষেপ ল’ব ৷ সাক্ষাৎ কালত বিশ্ব বেংকৰ অংশীদাৰিত্বত অসমে বহু কেইটা উল্লেখযোগ্য প্ৰকল্পত কাম কৰাৰ প্ৰসংগত আলোচনা কৰা হয় । সাক্ষাতৰ পাছত টুইটাৰ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, বিশ্ব বেংকৰ লগত অসমে একেলগে বিভিন্ন প্ৰকল্পত কাম কৰি যাব ।

লগতে পঢ়ক :মুম্বাইত খহি পৰিল অট্টালিকা : 7 জন আঘাতপ্ৰাপ্ত

দলং আৰু পথৰ আন্তঃগাঁথনি পৰা আৰম্ভ কৰি স্বাস্থ্যখণ্ড আৰু জল সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্রত শেহতীয়া প্ৰযুক্তি আৰু বিজ্ঞানসন্মত তথ্যৰে প্ৰকল্পসমূহ ৰূপায়ণ কৰা হ'ব । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, বিশ্ব বেংকৰ অংশীদাৰিত্বত অসমে পৰৱৰ্তী সময়ত আৰু উচ্চ পৰ্যায়ত কাম কৰি যাব ।

বিশ্ব বেংকৰ আৰ্শীবাদত অসমৰ উন্নয়নে লাভ কৰিব নতুন মাত্ৰা

উল্লেখ্য যে, সোমবাৰে পাণ্ডু পোৰ্টত অত্যাধুনিক প্ৰযুক্তিৰ জাহাজ মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৭৭০ কোটি টকাৰ বিশ্ব বেংকৰ পৰা ঋণ লৈ আভ্যন্তৰীণ জল পৰিবহনৰ কাম কৰি থকাৰ কথা সদৰি কৰিছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল ৪ খনকৈ ষ্টিল কেটামাৰান জাহাজ ।

লগতে পঢ়ক:চিকিৎসকৰ অভাৱ ৰাজ্যৰ বহু চৰকাৰী চিকিৎসালয়ত

বিশ্ব বেংকৰ পৰা লোৱা ঋণৰ ৮০ শতাংশ ভাৰত চৰকাৰে ঘূৰাই দিব আৰু বাকী ২০ শতাংশ অসম চৰকাৰে দিব । ৰাজ্য চৰকাৰে ১০ খন জাহাজ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে । ইয়াৰে ৪ খন সোমবাৰে মুকলি কৰা হয় । বিশ্ব বেংকৰ পুঁজিৰে নিৰ্মাণ কৰা হৈছে জাহাজসমূহ ।

উল্লেখ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে দিল্লীলৈ যোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় । মুখ্যমন্ত্ৰীয়ে পর্যায়ক্রমে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, শক্তিমন্ত্রী ৰাজকুমাৰ সিং আৰু প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙক সাক্ষাৎ কৰে ।

ইফালে, আলফা (স্বাধীন)ৰ সৈতে শেহতীয়াকৈ প্রত্যক্ষভাৱে যোগাযোগ চলাই যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে বিদ্রোহী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰে শান্তি আলোচনাৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰৰ সৈতে কেইবাটাও বিষয় লৈ আলোচনা কৰাৰ বাবে দিল্লীত উপস্থিত হৈছে । এই সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্র মোদীৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক:পুত্ৰক হত্যা কৰি শৌচালয়ৰ গাঁতত পুতি থ'লে পিতৃ-মাতৃয়ে

ABOUT THE AUTHOR

...view details