গুৱাহাটী, ১৫ জুন: বৃহস্পতিবাৰে দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক ৷ মুখ্যমন্ত্ৰীৰ পৌৰোহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি স্বায়ত্ত পৰিষদীয় এলেকাৰ জিলা আৰু দাঁতিকাষৰীয়া জিলাৰে সংলগ্ন হৈ থকা আই চি ডি এছ প্ৰকল্পসমূহৰ এলেকা একোখন জিলাতে সামৰি সুনিয়াৰিকৈ কাম-কাজ চলোৱাৰ বাবে পথ প্ৰশস্ত কৰা হয় । অৰ্থাৎ সীমা নিৰ্ধাৰণ কৰি দিয়াৰ ব্যৱস্থা কৰা হয় ।
আনহাতে, আজিৰ কেবিনেটে স্বায়ত্তশাসিত পৰিষদ সমূহক কাৰিকৰী কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্রত বিশেষ ক্ষমতা প্ৰদান কৰিছে । সেই অনুসৰি স্বায়ত্তশাসিত পৰিষদসমূহে কাৰিকৰী কাম-কাজ জড়িত বিভিন্ন আঁচনি তথা প্ৰকল্প নিজাকৈ সুসংহতভাৱে ৰূপায়ণত সহায়ক হোৱাকৈ অসম চৰকাৰৰ লোকনিৰ্মাণ, জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী আদি বিভিন্ন বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাক নিযুক্তি দিব পাৰিব । স্বায়ত্তশাসিত পৰিষদত নিযুক্ত কাৰ্যবাহী অভিযন্তায়েই পৰিষদৰ অধীনৰ আঁচনি-প্ৰকল্পৰ ক্ষেত্ৰত কাৰিকৰী অনুমোদন প্ৰদান কৰিব পাৰিব ।
এতিয়াৰে পৰা বেলেগকৈ অসম চৰকাৰৰ অধীনত কৰ্মৰত বিভাগীয় কাৰ্যবাহী অভিযন্তাৰ পৰা কাৰিকৰী অনুমোদন আদি লোৱাৰ অসুবিধা দূৰ হ'ব । কামৰ গতি খৰতকীয়া হোৱাৰ বাবে এই ব্যৱস্থা কৰা হৈছে ।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ আসনৰ ক্ষেত্ৰত এন আৰ আই শিতানত ১০ শতাংশ আসন সংৰক্ষিত থাকিব । প্ৰবাসী অসমীয়াৰ সন্তান-আত্মীয়ৰ বাবে ১০ শতাংশ আসন সংৰক্ষণ কৰা হৈছে । দেশৰ বাহিৰত থকা অসমীয়া পৰিয়ালৰ লোকে এই সুবিধা ল'ব পাৰিব ।
আজিৰ কেবিনেটে ৰাজ্যখনত এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত ছয় জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনায় । এইক্ষেত্ৰত মৰাণ জনগোষ্ঠীৰ বাবে ৮ খন, মটক জনগোষ্ঠীৰ বাবে ৮ খন, টাই আহোমৰ বাবে ১০ খন, চুতীয়াৰ বাবে ৯ খন আৰু কোচ ৰাজবংশীৰ বাবে ১৩ খনলৈ এম বি বি এছৰ আসন বৃদ্ধি কৰা হৈছে ।
লগতে পঢ়ক:অম্বুবাচী মেলাই উদঙাইছে শিক্ষা বিভাগৰ সমন্বয়হীনতা; বিষয়াৰ নিৰ্দেশৰ কথা গম নাপায় শিক্ষামন্ত্ৰীয়ে !
আনহাতে, বি ডি এছৰ ক্ষেত্রত একোখনকৈ আসন সংৰক্ষিত থাকিব । আজিৰ কেবিনেটত ষ্টাম্প পেপাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । অসমত ষ্টাম্প পেপাৰ ব্যৱস্থা সম্পূৰ্ণ ডিজিটেল হ'ব । বৰ্তমান ষ্টাম্প পেপাৰৰ ভেণ্ডৰ লাইচেন্স থকা লোকসকলৰ লাইচেন্স ডিজিটেল লাইচেন্সলৈ পৰিবৰ্তন কৰি তেওঁলোকক চি আই চি খুলি ডিজিটেল ষ্টাম্প পেপাৰ বিক্ৰীৰ অনুমতি দিয়া হ'ব । ইয়াৰ বাবে তেওঁলোকক গাইপতি এক লাখকৈ টকা চৰকাৰে সাহাৰ্য হিচাপে প্ৰদান কৰিব ।
ইফালে ২১ জুনত ৰাজ্যজুৰি আয়োজন কৰা যোগ দিৱসৰ প্ৰসংগত কেবিনেটত আলোচনা কৰা হয় । ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক অনুষ্ঠান এইবাৰ ধুবুৰীত অনুষ্ঠিত কৰা হ'ব । মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে ধুবুৰীৰ ৰাজ্যিক যোগ দিৱসৰ অনুষ্ঠানত ভাগ ল'ব । বিভিন্ন জিলাত একোগৰাকীকৈ মন্ত্ৰীয়ে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব । স্বায়ত্তপৰিষদীয় মুখ্য কাৰ্যালয় থকা জিলাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই ভাগ ল'ব । মন্ত্ৰী নোযোৱা জিলাত উপায়ুক্ত তথা স্থানীয় সাংসদ-বিধায়কে অংশ গ্ৰহণ কৰিব । জিলাই জিলাই অনুষ্ঠিত কৰা হ'ব যোগ দিৱসৰ কাৰ্যসূচী ।