গুৱাহাটী, ৫ আগষ্ট :ৰাজ্যৰ প্ৰশাসনিক সংস্কাৰ বিভাগে বৃহস্পতিবাৰে দুটা পৃথক পৃথক নিৰ্দেশযোগে দুটা গুৰুত্বপূৰ্ণ বিভাগক আন বিভাগৰ সৈতে একত্ৰিত কৰে । সেই অনুসৰি বিগত দীৰ্ঘসময় জুৰি পাৰপত্ৰ বা পাছপ'ৰ্ট বিভাগটো এটা সুকীয়া বিভাগ আছিল ৷ বৃহস্পতিবাৰৰ পৰা নতুন নিৰ্দেশযোগে এই বিভাগটোক গৃহ বিভাগৰ সৈতে একত্ৰিত কৰা হয় ।
ঠিক একেদৰে মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগটোও সুদীৰ্ঘ সময়ৰ পৰা আছিল এটা স্বতন্ত্ৰৰীয় বিভাগ । কিন্তু এতিয়াৰে পৰা এই বিভাগটোক তথ্য আৰু জনসংযোগ বিভাগৰ সৈতে একত্ৰিত কৰা হয় । ৰাজ্যৰ প্ৰশাসনিক সংস্কাৰ বিভাগৰ প্ৰধান সচিব অৰ্চনা বাৰ্মাই বৃহস্পতিবাৰে জাৰি কৰা দুটা পৃথক নিৰ্দেশযোগে এই বিভাগ দুটাক আন বিভাগৰ সৈতে একত্ৰিত কৰে ।