নিউজ ডেস্ক, 29 অক্টোবৰ : বৃহস্পতিবাৰে কইনাধৰাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ উক্ত কেবিনেট বৈঠকত অসম গৌৰৱ বক্সাৰ লাভলীনা বৰগোঁহাই(Lovlina Borgohain)ক উপ আৰক্ষী অধীক্ষক(DSP) পদত (Probation) নিযুক্তি দিয়াৰ ক্ষেত্ৰত অনুমোদন গ্ৰহণ কৰা হয় ৷
টকিঅ’ অলিম্পিক(Tokyo Olympic)ত লাভলীনাই গঢ়া অভিলেখৰ বাবে অসম চৰকাৰ(Assam Govt)য়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ হিমা দাসৰ পাচতে লাভলীনাক ডিএছপি পদত নিযুক্তি দিয়া হ’ব বুলি কেবিনেটত ৰাজ্যিক শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু(Ranoj Pegu)ৱে ঘোষণা কৰে ৷