উত্তাল চান্দমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান চৌহদ
কাৰণ প্ৰাৰ্থীক আগতীয়াকৈ জাননী প্ৰদান নকৰাকৈ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই হঠাতে বাতিল কৰিলে "JEE Polytechnic Counseling " ৷
গুৱাহাটী, 16 জুলাইঃমঙলবাৰে হঠাতে উত্তাল হৈ পৰিল মহানগৰীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান চৌহদ ৷ কাৰণ প্ৰাৰ্থীক আগতীয়াকৈ জাননী প্ৰদান নকৰাকৈ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই হঠাতে বাতিল কৰিলে "JEE Polytechnic Counseling " ৷ কিন্তু সংশ্লিষ্ট বিভাগে মঙলবাৰে অৰ্থাৎ আজি প্ৰকাশিত "আসাম ট্ৰিবিউন" কাকতত বিজ্ঞাপন দিয়াৰ কথা উল্লেখ কৰে । আনহাতে পুৱাই আহি কেন্দ্ৰটোত উপস্থিত হয়হি প্ৰাৰ্থী সকল । কিন্তু উপস্থিত হোৱআৰ পিছতহে "counseling" বাতিল হোৱাৰ বিষয়ে অৱগত হয় প্ৰাৰ্থী সকল । ফলত ধেমাজি, লক্ষীমপুৰ,ৰঙিয়া আদি ঠাইৰ পৰা অহা প্ৰাৰ্থী সকল ঘূৰি যাব লগীয়া হোৱাত ক্ষোভ উজাৰে প্ৰাৰ্থীসকলে ।