অসম

assam

ETV Bharat / state

বিধানসভা নিৰ্বাচনঃ এসপ্তাহত ৰাজ্যত জব্দ ৮৪.৪৩ লাখ নগদ ধন - আবকাৰী বিভাগে

বিধানসভা নিৰ্বাচনৰ পূৰ্বে টকাৰ উজান উঠিছে ৰাজ্যত । মাত্ৰ এসপ্তাহত ৰাজ্যত জব্দ হ'ল মুঠ ৮৪.৪৩ লাখ নগদ ধন । ৩ দিনত জব্দ ৫৪ লাখ টকা মূল্যৰ সুৰা ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে টকাৰ উজান উঠিছে ৰাজ্যত
বিধানসভা নিৰ্বাচনৰ পূৰ্বে টকাৰ উজান উঠিছে ৰাজ্যত

By

Published : Mar 6, 2021, 5:28 PM IST

গুৱাহাটী, ৬ মাৰ্চ: নিৰ্বাচনৰ সময়ত টকাৰ উজান উঠা কোনো নতুন কথা নহয় । পূৰ্বৰ দৰে এইবাৰো বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত টকাৰ উজান উঠিছে । অসম বিধানসভাৰ 'নিৰ্বাচনী আচৰণ বিধি' বলৱৎ হোৱাৰে পৰা অসম আৰক্ষী, ফ্লায়িং স্কোৱাড আৰু আৱকাৰী বিভাগৰ অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ নগদ ধন আৰু সুৰা জব্দ কৰা হৈছে ।

যোৱা ২৬ ফেব্ৰুৱাৰীত নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছত যোৱা ২৭ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চৰ নিশালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা হৈছে মুঠ ৮৪.৪৩ লাখ টকা । ইয়াৰ ভিতৰত ২৭ ফেব্ৰুৱাৰীত ২০.৭০ লাখ টকা, ১ মাৰ্চত ৮,৬০৫ টকা, ২ মাৰ্চত ৫,৬২,০৯০ টকা, ৩ মাৰ্চত ৩৮,২,৪০০ টকা আৰু ৪ মাৰ্চ আৰু ৫ মাৰ্চত ২০ লাখ টকা জব্দ কৰা হয় ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে টকাৰ উজান উঠিছে ৰাজ্যত

নগদ ৮৪,৪৩,০৯৫ টকা আৰক্ষী, ষ্টেটিক চাৰ্ভিলেঞ্চ টীম আৰু ফ্লায়িং স্কোৱাডে জব্দ কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই ধন জব্দ কৰা হয় । বিগত দুটা দিনত বিশেষকৈ কলিয়াবৰ, ধিং, বকো, ৰূপহীহাট, সৰভোগ আৰু ডিফু সমষ্টিৰ পৰা বহু পৰিমণে নগদ ধন জব্দ কৰা হৈছে ।

আনহাতে, আৰক্ষী আৰু আবকাৰী বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৃথকে পৃথকে চলোৱা অভিযানত ২৬ ফেব্ৰুৱাৰীত ৭,৬৫৯ লিটাৰ, ২৭ ফেব্ৰুৱাৰীত ১২,৪০২ লিটাৰ, ২৮ ফেব্ৰুৱাৰীত ১০,০৩২ লিটাৰ, ১ মাৰ্চত ২৭,৩৪৬ লিটাৰ, ২মাৰ্চত ৩৭,৩৭৮ লিটাৰ, ৩ মাৰ্চত ২৩,৬৮৮ লিটাৰসহ মুঠ ১,১৮,৫০৫ লিটাৰ সুৰা জব্দ কৰা হয় ।

বিগত পাঁচ দিনত জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য ৫৩,৫৮,৪২৬ টকা । ইফালে, বিশ্বনাথ, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, নগাঁও আদি বিভিন্ন জিলাত নিৰ্বাচনী আচৰণ বিধি উলংঘ‍াৰ অভিযোগ উত্থাপন হৈছে । এইক্ষেত্রত নিৰ্বাচনী বিভাগে বিশেষ উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:অভিজিৎ হাজৰিকাক লাগে ৰঙাপৰা সমষ্টি !

ABOUT THE AUTHOR

...view details