অসম

assam

ETV Bharat / state

Assam direct recruitment result 2022 : চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা - Assam govt 3rd grade recruitment

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে মঙলবাৰে প্ৰকাশ পালে চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফল (Assam recruitment exam result)। SEBAৰ ৱেবচাইট www.sebaonline.orgত উপলব্ধ হ'ল ফলাফল । ২৬ হাজাৰ ৬৮২ জন উত্তীৰ্ণ হৈছে পৰীক্ষাত ।

Assam direct recruitment result 2022
চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা

By

Published : Oct 18, 2022, 12:48 PM IST

গুৱাহাটী,১৮ অক্টোবৰ :ঘোষণা হ'ল অসম চৰকাৰৰ কেইবাটাও বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফল (Assam recruitment exam result)। মঙলবাৰে ছেবাৰ ৱেবচাইটত উপলব্ধ হ'ল লিখিত পৰীক্ষাৰ ফলাফল । চতুৰ্থ বৰ্গৰ ১৩ হাজাৰ ৩৪১ টা পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা । ৪ লাখ ৪৩ হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত । ২৬ হাজাৰ ৬৮২ জনে উত্তীৰ্ণ হৈছে পৰীক্ষাত ।

এটা পদৰ বিপৰীতে ২ জনকৈ উত্তীৰ্ণ হৈছে পৰীক্ষাত । এই পৰীক্ষা অনুষ্ঠিত কৰিছিল ছেবাই (Assam Direct Recruitment 2022)। SEBAৰ ৱেবচাইট www.sebaonline.orgত উপলব্ধ হ'ল ফলাফল । মঙলবাৰে চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা হোৱাৰ কথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে টুইটযোগে সদৰি কৰিছিল । কিন্তু সোমবাৰে নিশাই একাংশ প্ৰাৰ্থীয়ে ফলাফল লাভ কৰে ছেবা ৱেবচাইটত । সোমবাৰে নিশা ফলাফল লাভ কৰাক লৈ বিভিন্ন মহলত তীব্ৰ চাঞ্চল্যৰো সৃষ্টি হৈছে ।

উল্লেখ্য যে যোৱা ২১ আগষ্টত ৰাজ্যৰ ২৪ খন জিলাত কেইবাটাও বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল । কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হৈছিল এই পৰীক্ষা । ২১ আগষ্টত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ (কাকত-১) আৰু বিয়লি দুই বজাৰ পৰা ৪ বজালৈ অষ্টম শ্ৰেণীলৈকে পঢ়া প্ৰাৰ্থীসকলৰ পৰীক্ষা (কাকাত-২) অনুষ্ঠিত হৈছিল ।

পৰীক্ষা অনুষ্ঠিত হোৱা প্ৰতিখন জিলাৰ পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ আশে-পাশে ১৪৪ ধাৰা বলবৎ কৰা হৈছিল । ৰাজ্যৰ ২৪ খন জিলাৰ মুঠ ১০৩৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হৈছিল । পৰীক্ষাৰ সময়ছোৱাত পৰীক্ষা অনুষ্ঠিত হোৱা জিলাসমূহৰ ইণ্টাৰনেট সেৱা বন্ধ ৰখা হৈছিল । ইফালে ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈছিল (Assam govt 3rd grade recruitment)। প্ৰায় ২৬,০০০ পদৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ তিনিওটা দিনত ১৪ লাখ ৩০ হাজাৰ ৪৩৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হয় । বৰ্তমানলৈ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰা হোৱা নাই ।

লগতে পঢ়ক :Recruitment examination Result: মঙলবাৰে ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল

ABOUT THE AUTHOR

...view details