অসম

assam

By

Published : Jul 16, 2020, 8:05 AM IST

ETV Bharat / state

বুধবাৰৰ দিনটোত ৰাজ্যত 1088 গৰাকী আক্ৰান্ত ক'ভিড-19 ত

ৰাজ্যত প্ৰতিটো দিনতে হাজাৰৰ ঘৰত বৃদ্ধি পাইছে কোভিড-19 আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোভিড-19 আক্ৰান্ত হৈ 6815 গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে ৷

assam-covid-update
ৰাজ্যত পুনৰ 1088 জন ক'ভিড-19 আক্ৰান্ত

নিউজ ডেস্ক,16জুলাইঃ ৰাজ্যত ভয়াবহ ভাবে বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড-19 আক্ৰান্তৰ সংখ্যা ৷ বুধবাৰৰ দিনটোত ৰাজ্যত 1088 গৰাকী লোক ক'ভিড-19 আক্ৰান্ত হয় ৷ উল্লেখ্য যে মুঠ আক্ৰান্তৰ 649 গৰাকী লোকেই গুৱাহাটী মহানগৰীৰ বুলি জানিব পৰা গৈছে ৷

ইয়াকে লৈ ৰাজ্যত কভিড-19 আক্ৰান্তৰ সংখ্যা 19,754 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে 12,888 গৰাকী সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ ইপিনে সম্প্ৰতি 6815 গৰাকীৰ দেহত ক'ভিড-19 সক্ৰিয় হৈ আছে আৰু তেঁওলোক ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিকিৎসাধীন হৈ আছে ৷ বৰ্তমান পৰ্যন্ত ৰাজ্যত 48 গৰাকীয়ে এই মহামাৰী কৰ'ণা ভাইৰাছৰ ফলত মৃত্যু মুখত পৰিছে ৷

লগতে পঢ়কঃ বঙাইগাঁৱত ভয়াৱহ অগ্নিকাণ্ড, দোকানসহ তিনিটা গৃহ ভষ্মীভূত

For All Latest Updates

ABOUT THE AUTHOR

...view details