নিউজ ডেস্ক, 25ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে ক’ভিড-19ৰ ভয়াৱহতা ৷ বৃহস্পতিবাৰৰ নিশাৰ ভাগত পোৱা এক তথ্য অনুসৰি, ৰাজ্যত আক্ৰান্তৰ সংখ্যা 1,65,582 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা হৈছেগৈ 608 গৰাকী ৷ বৰ্তমান ৰাজ্যত এই মহামাৰীৰ পৰা সুস্থ হৈ উঠিছে 1,32,709 গৰাকী আৰু চিকিৎসাধীন হৈ আছে 32,262গৰাকী ৷
ৰাজ্যত কৰ'ণা ভাইৰাছে প্ৰাণ ল’লে 608 গৰাকীৰ - ক’ভিড 19
ক্ৰমশঃ ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণা ভাইৰাছে ৷ প্ৰতিদিনে বৃদ্ধি পাইছে এই মহামাৰীত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা ৷ বৰ্তমান ৰাজ্যত আক্ৰান্তৰ সংখ্যা 1,65,582 গৰাকী আৰু মৃতকৰ সংখ্যা 608গৰাকীলৈ বৃদ্ধি ৷
ৰাজ্যত কৰ'ণা ভাইৰাছে প্ৰাণ ললে 608গৰাকীৰ
ইফালে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত পুনৰ 2,091গৰাকী ক'ভিড-19ত আক্ৰান্ত হয় ৷ আক্ৰান্ত কেইজনৰ কামৰূপ মহানগৰ জিলাৰ 452গৰাকী,যোৰহাটৰ 191গৰাকী,ডিব্ৰুগড়ৰ 136 আৰু গোলাঘাটৰ 127গৰাকী ৷ কৰ'ণা ভাইৰাছত আক্ৰান্তৰ হাৰ বৰ্তমান 7.21শতাংশ ৷ টুইটাৰযোগে এই তথ্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
অন্য এক খবৰৰ বাবে: সাংবাদিক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে ভইছ অৱ অসমৰ অপপ্ৰচাৰ