গুৱাহাটী, ২৭ অক্টোবৰ :দ্বিতীয় বিবাহৰ বাবে অনুমতি লোৱাৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা নিদেৰ্শনা হিন্দু মুছলমান সকলো লোকৰে ক্ষেত্ৰত প্ৰযোজ্য হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত শুকুৰবাৰে সাংবাদিকৰ আগত স্পষ্ট কৰি দিয়ে । তেওঁ কয় যে দ্বিতীয় বিবাহৰ বাবে অনুমতি লোৱাৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা নিদৰ্শনা হিন্দু, মুছলমান তথা সকলো ধৰ্মাৱলম্বী ৰাজ্য চৰকাৰৰ চাকৰিয়ালৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব ।
উল্লেখ্য যে, অসম চৰকাৰৰ যিকোনো চাকৰিয়ালে দ্বিতীয় বিবাহ কৰোৱাৰ আগত বিভাগীয় চৰকাৰী অনুমতি লোৱাটো বাধ্যতামূলক কৰিছে চৰকাৰে । এই সন্দৰ্ভত দিছপুৰৰ পৰা চৰকাৰী পক্ষই কঠোৰ নিৰ্দেশনা দিছে । চৰকাৰী অনুমতি অবিহনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী স্বামী বা স্ত্ৰীয়ে কৰিব নোৱাৰিব দ্বিতীয় বিবাহ ৷ The Assam Civil Services (Conduct) Rules 1965 ৰ 26 ৰ বিধান অনুসৰি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব নীৰজ বাৰ্মাৰ স্বাক্ষৰিত এখন কাৰ্যালয় স্মাৰকত এই সমূহ কঠোৰ নিৰ্দেশনা দিয়া হৈছে ৷