গুৱাহাটী, ২১ জানুৱাৰী:কে এল অ'ৰ মুৰব্বী জীৱন সিংহ বৰ্তমান অসম চৰকাৰৰ আতিথ্যত আছে(KLO Chief Jiban Singha in Assam) । এই কথা জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । জনতা ভৱনত শনিবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয় যে কে এল অ'ৰ মুৰব্বী জীৱন সিংহৰ সৈতে ফোনত কথা হয় যদিও সাক্ষাৎ হোৱা নাই । অৱশ্যে দুই-এদিনতে জীৱন সিংহক সাক্ষাৎ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে । মুখ্যমন্ত্রীয়ে লগতে কয় যে জীৱন সিংহই তেওঁক ভাইটি বুলি সম্বোধন কৰে আৰু তেওঁ দাদা বুলি সম্বোধন কৰে(KLO Chief Jiban Singha comes to peace talk) ।
পৃথক কমতাপুৰৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে কমতাপুৰৰ প্ৰসংগটো অসমৰ সংবাদ মাধ্যমৰ সৃষ্টি । অসমৰ সংবাদ মাধ্যমৰহে কমতাপুৰক লৈ শংকা হৈছে । বিগত ১৫ দিনত পশ্চিমবংগৰ এখনো বাতৰি কাকতত কমতাপুৰৰ কোনো উল্লেখ নাই বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে পশ্চিমবংগত কোনো শংকা হোৱা নাই । তেওঁ লগতে কয় যে কোনেও কমতাপুৰৰ কথা তেওঁক কোৱা নাই । এই সন্দৰ্ভত কোনো ধৰণৰ আলোচনা হোৱা নাই । ক'ৰ পৰা আহিল এই 'কমতাপুৰ' বুলি তেওঁ ওলোটাই প্ৰশ্ন কৰে(Assam CM reaction regarding Kamatapur) ।
আনকি তেওঁ এই সন্দৰ্ভত মুখ্য সচিবকো সুধিছিল কিবা বিষয় আছে নেকি বুলি । কিন্তু মুখ্য সচিবে একো নাই বুলি জনাইছিল । তেওঁ সংবাদ মাধ্যমক ৰাজ্যৰ শান্তি বিঘ্নিত হোৱা বাতৰি পৰিৱেশনৰ বিপৰীতে ইতিবাচক খবৰবোৰত গুৰুত্ব দিয়াৰ বাবে আহ্বান জনায় । কে এল অ'ৰ কিবা আলোচনা হ'লে ভাৰত চৰকাৰৰ লগত হ'ব বুলি তেওঁ কয়।