অসম

assam

ETV Bharat / state

Cabinet meeting at Gandhi Mandap: বন্ধ হ’ব গৰ্ভৱতী মহিলাৰ বাবে থকা আদৰণি সেৱা - Cabinet decision in Gandhi mandap

আজি মহানগৰীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হৈ যায় কেবিনেট বৈঠক(Cabinet meeting at Gandhi Mandap) ৷ কেবিনেটত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সন্ধিয়া আয়োজন কৰা সংবাদ মেলযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM press conference in Gandhi Mandap) ৷

Assam CM press conference in Gandhi Mandap
Cabinet meeting at Gandhi Mandap: বন্ধ হ’ব গৰ্ভৱতী মহিলাৰ আদৰণি সেৱা

By

Published : Dec 7, 2022, 9:50 PM IST

গুৱাহাটী, 7 ডিচেম্বৰ: গুৱাহাটীৰ গান্ধী মণ্ডপত বুধবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গান্ধী মণ্ডপৰ বাকৰিত এখন সংবাদমেল সম্বোধন কৰে(Assam CM press conference in Gandhi Mandap) । কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি গৰ্ভৱতী মহিলাৰ বাবে থকা আদৰণি সেৱা এতিয়াৰে পৰা বন্ধ কৰা হ’ব । তাৰ ঠাইত গৰ্ভৱতী মহিলাক চিকিৎসালয়ৰ পৰা অহা যোৱাৰ বাবদ ৭০০ টকা তেওঁৰ বেংক একাউণ্টত জমা দিয়া হ’ব বুলি সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই (Cabinet decision in Gandhi mandap)।

Cabinet meeting at Gandhi Mandap: বন্ধ হ’ব গৰ্ভৱতী মহিলাৰ আদৰণি সেৱা

ইপিনে বি টি চিৰ উন্নয়নৰ বাবে ৩৬১ কোটি টকাৰ প্ৰথম কিস্তি দিয়াৰ অনুমোদন জনোৱা হয় । আনহাতে চাফাই কৰ্মচাৰীৰ সহায়ক হোৱাকৈ চাফাই কৰ্মচাৰী আয়োগ গঠন কৰা হ’ব বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । এই আয়োগে চাফাই কৰ্মচাৰীৰ সকলো অভাৱ অভিযোগ চোৱাচিতা কৰিব । অসম আৰক্ষীত কৰ্মৰত ১৯৮৫ চনৰ পৰা শ্বহীদ হোৱা আৰক্ষী জোৱানৰ যিসকলে চাকৰি পোৱা নাছিল, সেই শ্বহীদ জোৱানৰ পৰিয়ালৰ এজনক চাকৰি দিয়া হ’ব বুলি সংবাদমেলখনত উল্লেখ কৰে । এই পদক্ষেপৰ ফলত অসম আৰক্ষীৰ শ্বহীদ পৰিয়ালৰ ৪০০ তকৈ অধিক পৰিয়াল উপকৃত হ’ব‌ বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । এই চাকৰি দিয়াৰ বাবে আৰক্ষীৰ কমিটী গঠন কৰা হ’ব বলিও জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma) ।

আনপিনে অসমত ১৬২ খন নতুন আৰক্ষী থানা গঠন কৰা হ’ব(New police sation in Assam) । অসমত ১৬২ খন নতুন আৰক্ষী থানা গঠন কৰাৰ বাবে ৫২৫ কোটি টকা চৰকাৰে অনুমোদন দিছে । পলাশবাৰীত থানাখন Integrated police station হিচাপে গঢ়ি তোলা হ’ব । অৰ্থাৎ পলাশবাৰীত থানাখনৰ ওপৰ মহলাত আৰক্ষীৰ থকা খোৱাৰ ব্যৱস্থাও থাকিব বুলি সংবাদমেলখনত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । এনেধৰণৰ আৰু অধিক আৰক্ষী থানা চৰকাৰে স্থাপন কৰাৰ সিদ্ধান্ত লৈছে বুলি সংবাদমেলত উল্লেখ কৰে ।

আনহাতে এতিয়াৰে পৰা অসম লোকসেৱা আয়োগত নাথাকিব বিকল্প বিষয়ৰ কোনো প্ৰশ্নকাকত (Assam public service commission Examination)। সকলো সাধাৰণ বিষয়ৰ প্ৰশ্নকাকত হ’ব । আকৌ অসম লোকসেৱা আয়োগৰ জৰিয়তে নতুনকৈ ৭০০ পদৰ বাবে বিজ্ঞাপন দিয়া‌ হ'ব ।

ইপিনে প্ৰাক্তন সেনাৰ বাবে আৰক্ষীৰ প্ৰথম আৰু দ্বিতীয় বৰ্গৰ চাকৰিৰ বাবে ২ শতাংশ আসন সংৰক্ষিত থাকিব । অইলৰ জৰিয়তে ২৫০ মেগাৱাট সৌৰ‌শক্তি উৎপাদন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আনহাতে শীঘ্ৰে ৪০ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ’ব । চৰকাৰে বন বিভাগৰ তৃতীয় বৰ্গৰ বাবে 1100 টা নতুন পদৰ সৃষ্টি কৰিব । লগতে বন বিভাগত খালী থকা ১৭০০ টা পদ পূৰণ‌ কৰা‌ হ’ব ।

শিক্ষা বিভাগত নতুনকৈ ৬০০০ টা শিক্ষকৰ‌ চাকৰিৰ সৃষ্টি কৰা হ’ব । দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ নাম লাচিত বৰফুকন আৰক্ষী কেন্দ্ৰ হিচাপে নামাকৰণৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । সংবাদমেলখনত মুখ্যমন্ত্ৰী গৰাকীয়ে গান্ধী মণ্ডপ উন্নত কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক:Khanin Mahanta passes away: অসম আন্দোলনৰ থিংক টেংক খনিন মহন্ত আৰু নাই

ABOUT THE AUTHOR

...view details