অসম

assam

By

Published : Feb 24, 2022, 10:52 PM IST

ETV Bharat / state

এপ্ৰিলৰ পৰা মাহেকীয়া ডিজিটেল সংবাদ পত্ৰ উলিওৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠক (Assam CM meeting with information and pubic relation department) । তথ্য আৰু জনসংযোগ, পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যুটীয়া পদক্ষেপৰ সৈতে নতুন দিল্লীৰ অসম তথ্য কেন্দ্ৰক অধিক সক্ৰিয় তথ্য কেন্দ্ৰ হিচাপে বিকশিত কৰিবলৈ নিৰ্দেশ ।

এপ্ৰিলৰ পৰা মাহেকীয়া ডিজিটেল সংবাদ পত্ৰ উলিওৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
এপ্ৰিলৰ পৰা মাহেকীয়া ডিজিটেল সংবাদ পত্ৰ উলিওৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 24 ফেব্ৰুৱাৰী :তথ্য আৰু জনসংযোগ বিভাগক এপ্ৰিল মাহৰ পৰা এখন মাহেকীয়া ডিজিটেল সংবাদ পত্ৰ উলিয়াবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় (Assam CM meeting with information and pubic relation department)।

বৈঠকত মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ উন্নয়নমূলক পদক্ষেপৰ বাৰ্তা সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজলৈ লৈ যোৱাৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ লগতে কেইবাটাও নিৰ্দেশনা প্ৰদান কৰে । বৈঠকতে মুখ্যমন্ত্ৰীয়ে বিভাগটোক এপ্ৰিলৰ পৰা এখন মাহেকীয়া ডিজিটেল সংবাদ পত্ৰ উলিয়াবলৈ নিৰ্দেশনা দিয়ে ।

সংবাদ পত্ৰখনে অসম চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাৰ্যপন্থাৰ ওপৰত আলোকপাত কৰিব আৰু দেশ তথা বিদেশৰ লোকৰ সৈতে ইয়াক ভাগ-বাটোৱাৰা কৰা হ'ব বুলি তেওঁ কয় । তদুপৰি তথ্য আৰু জনসংযোগ, পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যুটীয়া পদক্ষেপৰ সৈতে নতুন দিল্লীৰ অসম তথ্য কেন্দ্ৰক অধিক সক্ৰিয় তথ্য কেন্দ্ৰ হিচাপে বিকশিত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ।

লগতে তথ্য আৰু জনসংযোগ বিভাগক ৰাষ্ট্ৰীয় মিডিয়া হাউছৰ সাংবাদিকসকলক অসম চৰকাৰৰ উন্নয়নমূলক কাৰ্যকলাপৰ সম্যক আভাস পাব পৰাকৈ নিয়মিত ভ্ৰমণ কাৰ্যসূচীৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায় । বৈঠকত বিভাগীয় ভালেসংখ্যক বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক :Assam municipal election 2022: কি কি আছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ?

ABOUT THE AUTHOR

...view details