গুৱাহাটী, ১৬ জানুৱাৰী :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ঘোষণা কৰে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা । এই বঁটাৰ বাবে গঠন কৰা বিশেষ কেবিনেট কমিটীৰ সিদ্ধান্ত অনুসৰি অসমৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ বঁটা এইবাৰ আগবঢ়োৱা হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক । দিছপুৰ লোকসেৱা ভৱনত মঙলবাৰে অনুষ্ঠিত এক সংবাদমেলযোগে এই বঁটাসমূহ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
ড৹ শৰ্মাই উল্লেখ কৰা অনুসৰি, অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে এলভিছ আলী হাজৰিকা, কিষাণ চান্দ নদীয়াল , হিমা দাস আৰু নাদিয়াল দেউৰীক । ইপিনে অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে বিহুৱা ৰঞ্জিত গগৈ, হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱা, ছাউণ্ড ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাই, ওজাপালি বিশেষজ্ঞ দ্ৰোণ ভূঞা, জৈৱিক কৃষি বিশেষজ্ঞ নীলম দত্তক ৷
লগতে এই বঁটা উদ্যোগী অনুপম ডেকা, প্ৰকৃতিবিদ সৌমদ্বীপ দত্ত, কৃষক বসন্ত ফুকন, বাঁহ উদ্যোগৰ বাবে মানেন্দ্ৰ ডেকা, আশাকৰ্মী মিনাক্ষী চেতীয়া, পখিলা লেকথেপি, ট্টেনজিং বদোচা, নিৰ্মল দে, জেমছিন কুমবাংপাও, মেৰি হাচা, উপেন্দ্ৰ ৰাভা আৰু ৰাহুল গুপ্তাকো আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।