গুৱাহাটী, 20 এপ্ৰিল: লক ডাউনৰ সময়ছোৱাত বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকলক আৰ্থিকভাৱে সকাহ দিয়াৰ নিমিত্তে সোমবাৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মুখ্য কাৰ্যালয়ত মুকলি কৰে ‘আছাম কেয়াৰ’ নামৰ আঁচনি ৷ অনলাইন বুটাম টিপি মুকলি কৰা আঁচনিখনৰ জৰিয়তে ৰাজ্য চৰকাৰে সাহাৰ্য হিচাপে আগবঢ়োৱা 2000কৈ টকা অসমৰ বাহিৰত থকা ৮৬ হাজাৰ জন লোকৰ প্ৰতিজনৰে বেংক একাউণ্টলৈ প্ৰেৰণ হয় ৷
উল্লেখ্য যে,লক ডাউনৰ সময়ত অসমৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলক বিত্তীয় সাহাৰ্য আগবঢ়াবলৈ ৰাজ্য চৰকাৰে এটা ফোন নম্বৰ মুকলি কৰি দিছিল আৰু সেই ফোন নম্বৰত মিছ কল দিয়াৰ পিছতেই সংশ্লিষ্ট লোকজনলৈ প্ৰেৰণ কৰা হয় লিংকটো । উক্ত লিংকত থকা যাৱতীয় প্ৰ-পত্ৰ সংশ্লিষ্ট ব্যক্তিয়ে পূৰণ কৰি তাক পুনৰ চৰকাৰলৈ প্ৰেৰণ কৰে আৰু তাৰ পিছত চৰকাৰে নথি-পত্ৰসমূহৰ বৈধতা পৰীক্ষা কৰি ধন মুকলিৰ বাবে উপলব্ধ কৰি দিয়ে ।
সমগ্ৰ প্ৰক্ৰিয়াটো স্পষ্ট কৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে,এই ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়,অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ সেচ্ছাসেৱক সকলৰ লগতে ১০৮ সেৱাৰ বিষয়া-কৰ্মচাৰী,জিলাৰ উপায়ুক্তসকলে আৰু আৰক্ষী অধীক্ষকসকলেও সহযোগিতা আগবঢ়ায় ।