অসম

assam

ETV Bharat / state

Assam Cabinet decisions: ৰাজ্যত ১০ খন অত্যাধুনিক চিকিৎসালয় স্থাপনৰ বাবে ২,৫৩০ কোটি অনুমোদন

ৰাজ্যিক কেবিনেটত বৃহস্পতিবাৰে গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বাল্যবিবাহৰ ভুক্তভোগী হোৱা ছোৱালীসকলৰ পুনৰ সংস্থাপনৰ বাবে তিনিজনীয়া কেবিনেট কমিটী গঠন । বিশ্ব বেংকৰ ঋণেৰে ৰাজ্যত নতুনকৈ ১০ খন অত্যাধুনিক চিকিৎসালয় স্থাপন কৰা হ'ব । ইয়াৰ বাবে ধাৰ্য কৰা হৈছে ২৫৩০ কোটি টকা (Assam Govt cabinet decisions) ।

Assam Cabinet decisions
অসম কেবিনেটৰ সিদ্ধান্ত সমূহ

By

Published : Feb 9, 2023, 11:03 PM IST

Updated : Feb 10, 2023, 10:08 AM IST

অসম কেবিনেটৰ সিদ্ধান্ত সমূহ

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বৃহস্পতিবাৰে জনতা ভৱনত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় (Assam Govt weekly cabinet meeting) । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মন্ত্ৰী কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু আৰু অশোক সিংহলে (Assam Govt cabinet decisions) ।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি বিশ্ব বেংকৰ ঋণেৰে ৰাজ্যত নতুনকৈ ১০ খন অত্যাধুনিক চিকিৎসালয় স্থাপন কৰা হ'ব (Ten New Hospitals in Assam) । ইয়াৰ বাবে ২৫৩০ কোটি টকা ধাৰ্য কৰা হৈছে । আজিৰ কেবিনেটে ইয়াৰ অনুমোদন জনায় । তদুপৰি ৰাজ্যৰ ২৫ খন চিকিৎসালয়ৰ আন্তঃগাঠনি উন্নত কৰা হ'ব । বিশেষকৈ গ্ৰামাঞ্চলৰ ২৫ খন চিকিৎসালয়ৰ মেৰামতিৰ কাম কৰা হ'ব । আনহাতে, নিৰ্মিয়মান অৱস্থাত থকা ৭ খন কৰ্কট হাস্পতালৰ বাবে আজিৰ কেবিনেটে ১৫০ কোটি টকা মোকলাই দিয়ে (Funds for cancer hospitals in Assam) ।

সেইদৰে চাইন্স এণ্ড টেকনল'জী এণ্ড ক্লাইমেট চেইঞ্জ বিভাগৰ অধীনত অস্থায়ীভাৱে নিযুক্তি দিয়া বিজ্ঞান আৰু গণিতৰ শিক্ষকৰ চাকৰি অন্যান্য সা-সুবিধাৰে ৬০ বছৰ বয়সলৈ কৰাৰ ক্ষেত্ৰত কেবিনেটে অনুমোদন জনায় । কেবিনেটত বিহুক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে ১৪ এপ্ৰিলত বিশাল উৎসৱ অনুষ্ঠিত কৰাৰ প্ৰসংগত আলোচনা কৰা হয় (Bihu dance in Guinness book of world record) । সৰুসজাই ষ্টেডিয়ামত ১০ হাজাৰ নাচনী আৰু ঢুলীয়াই অংশ গ্ৰহণ কৰি বিহু পৰিবেশন কৰিব । এই অনুষ্ঠানৰ সাক্ষী হোৱাৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱা হৈছে ।

সেইদৰে আজিৰ কেবিনেটে সংশোধিত ইণ্ডাষ্ট্ৰী এণ্ড ইনভেষ্টমেণ্ট পলিচী-২০২৩ ত অনুমোদন জনায় । এই পলিচীৰ অধীনত অসমত ১০০ কোটি টকা বিনিয়োগ কৰিলে বিনিয়োগকাৰীয়ে অসম চৰকাৰৰ পৰা কাষ্টম মেড পলিচি ল'ব পাৰিব । ইয়াৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী কৰা হৈছে । ইফালে আজিৰ কেবিনেটে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা পদক্ষেপৰ বাবে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে । বাল্যবিবাহৰ ক্ষেত্ৰত লাভ কৰা অভূতপূৰ্ব সফলতাৰ বাবে কেবিনেটে অসম আৰক্ষীক ভূয়সী প্ৰশংসা কৰে । লগতে কেবিনেটে আৰক্ষীক এই অভিযান অব্যাহত ৰখাৰ বাবে নিৰ্দেশ দিয়ে (Assam Govt on child marriage) ।

আনহাতে, বাল্যবিবাহৰ ভুক্তভোগী হোৱা ছোৱালীসকলৰ পুনৰ সংস্থাপনৰ বাবে আজিৰ কেবিনেটে এখন তিনিজনীয়া কেবিনেট কমিটী গঠন কৰি দিছে । মন্ত্ৰী ডাঃ ৰণোজ পেগু, কেশৱ মহন্ত আৰু অজন্তা নেওগৰ দ্বাৰা গঠিত কমিটীখনে সমগ্ৰ বিষয়টো অধ্যয়ন কৰি সমাধানসূত্ৰ উলিয়াই চৰকাৰক প্ৰতিবেদন দাখিল কৰিব (Committee for Child marriage) । সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব ।

লগতে পঢ়ক:Guwahati HC order to Akhil Gogoi: 23 ফেব্ৰুৱাৰীত NIA ৰ আদালত হাজিৰ হ’ব লাগিব অখিল গগৈ

Last Updated : Feb 10, 2023, 10:08 AM IST

ABOUT THE AUTHOR

...view details