বিলুপ্ত হ’ল 4খন জিলা, কেবিনেটৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গুৱাহাটী, ৩১ ডিচেম্বৰ: মহকুমাক জিলালৈ উন্নীত কৰা আপোনালোকে শুনিছে ৷ কিন্তু এইবাৰ তাৰ বিপৰীত হৈছে এইখন অসমত ৷ অসম চৰকাৰে ৰাজ্যৰ ৪ খন জিলাক বিলুপ্ত ঘটাই অৱনমিত কৰিছে মহকুমালৈ(District remerged) ৷ সংযুক্ত কৰিছে আন ৪ খন জিলাৰ সৈতে ৷
বছৰৰ শেষ দিনটোত দিল্লীত কেবিনেট বৈঠক অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰিলে ৪ খনকৈ নৱগঠিত জিলাক আকস্মিকভাৱে বিলুপ্তি ঘটাই মহকুমালৈ অৱমিত কৰাৰ হঠকাৰী সিধান্ত ৷ দিল্লীত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ(Assam cabinet meeting) সিদ্ধান্ত অনুসৰি- বিশ্বনাথ জিলাক পুনৰ শোণিতপুৰ জিলাৰ সৈতে চামিল, হোজাই জিলাক নগাঁও জিলাৰ সৈতে চামিল, বজালী জিলাক বৰপেটা জিলাৰ সৈতে চামিল আৰু তামুলপুৰ জিলাক পুনৰ বাক্সা জিলাৰ সৈতে চামিল কৰা হ’ল(Assam four district remerged) ৷
উল্লেখ্য যে, শুকুৰবাৰে জৰুৰীভাৱে নিজৰ মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীক দিল্লীলৈ জৰুৰীভাৱে তলৱ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) ৷ শনিবাৰে ৪ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে সাক্ষাতৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী থকাৰ বাবে জৰুৰীভাৱে দিল্লীত কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(Assam Cabinet in Delhi) ৷ কিন্তু কিয় এই বৈঠক ইমান জৰুৰী আছিল সেয়া গম পোৱা গ’ল কেবিনেটৰ পিছত মুখ্যমন্ত্ৰীৰ সংবাদমেলত ৷
তাতেই মুখ্যমন্ত্ৰীৰ ঘোষণা, ৰাজ্যৰ ৪ খন জিলা বিশেষ কাৰণত বিলুপ্তি ঘটাই আন জিলাৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত লৈছে কেবিনেটে ৷ লগতে মুখ্যমন্ত্ৰীৰ মন্তব্য, "অতি অনিচ্ছা স্বত্বেও দেশ, জাতি আৰু প্ৰশাসনৰ স্বাৰ্থতে গ্ৰহণ কৰা হৈছে এই সিধান্ত(Assam cabinet decision) ৷ জিলাকেইখনৰ বিলুপ্তিকৰণ সাময়িক ৷ উপযুক্ত সময়ত পুনৰ বিবেচনা কৰা হ’ব ৷ ’’ এই সিধান্তৰ বাবে ৰাইজৰ ওচৰত ক্ষমাও বিচাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
লগতে মুখ্যমন্ত্ৰীৰ দিল্লীৰ সংবাদমেলত ঘোষণা, ‘‘ৰাইজৰ কোনো অসুবিধা হ’বলৈ চৰকাৰে নিদিয়ে ৷ প্ৰতিখন জিলাতে এজনকৈ জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত দিয়া হ’ব ৷ তেঁওলোকে উপায়ুক্তই কৰা সকলো কাম কৰিব পাৰিব ৷ আৰক্ষী জিলা আৰু ন্যায়িক জিলা সমূহ একেদৰেই চলি থাকিব৷ যিবোৰ ঠাইত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কাৰ্য চলি আছে সেয়া অব্যাহত থাকিব ৷’’
কিন্তু কিয় এনে এটা হঠকাৰী সিদ্ধান্ত হঠাৎ ল’ব লগা হ’ল অসম চৰকাৰে ? সেয়া এক ডাঙৰ প্ৰশ্ন ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগত পোনপটীয়া উত্তৰ দিয়াৰ পৰা বিৰত থাকে ৷ কেৱল এই ডাঙৰ সিদ্ধান্তৰ আঁৰত কিবা কাৰণ নিশ্চয় আছে বুলিহে সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে কয় যে, দেশ, জাতি আৰু প্ৰশাসনৰ স্বাৰ্থতে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷
সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘‘নিৰ্বাচন আয়োগৰ(Election commission of India) অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ(Constituency delimitation in Assam) ঘোষণা অনুসৰি দেওবাৰৰ পৰা অৰ্থাৎ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰে কোনো নতুন প্ৰশাসনীয় গোট গঠন কৰিব নোৱাৰিব ৷ সেয়ে, ৰাজ্য চৰকাৰে জৰুৰীভাৱে এই সিদ্ধান্ত ল’ব লগা হয় ৷’’
আনহাতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা দিল্লী কেবিনেট বৈঠকৰ আন এক সিদ্ধান্ত মতে ৰাজ্যৰ ১৪খন গাঁও বা অঞ্চলৰ প্ৰশাসনীয় এলেকাৰ সাল-সলনি কৰা হ'ব ৷ তাৰ ভিতৰত উত্তৰ গুৱাহাটী নগৰ সমিতিক কামৰূপ মেট্ৰ’ৰ লগত সংলগ্ন কৰাটো উল্লেখনীয় ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি, বিশেষকৈ ৪ জিলাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ চাৰিওখন জিলাতে কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বিভিন্ন দল-সংগঠনে ৷
লগতে পঢ়ক:APSC Scam New Chapter: গোপন ফাইলে পোহৰলৈ আনিব ৰাকেশ পালৰ APSCৰ আন এক নিযুক্তি কেলেংকাৰী