অসম

assam

ETV Bharat / state

Assam budget 2023: বাজেটে ৰিয়েল ইষ্টেট খণ্ডৰ বাবে আনিছে আশাৰ বতৰা: এৰিডা - Assam budget allocation for real estate sector

2023-24 বৰ্ষৰ বাজেটক আদৰণি আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ ‘এৰিডা’ৰ ৷ আন্তঃগাঁথনি উন্নয়ন আৰু উন্নত সংযোগৰ ওপৰত দিয়া গুৰুত্বই ৰিয়েল ইষ্টেট খণ্ডৰ ওপৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাব ৷ গৃহ নিৰ্মাণৰ অনুমতিৰ ক্ষেত্ৰত বাজেটে অনা অনলাইন ব্যৱস্থাই দুৰ্নীতি-অনিয়ম নোহোৱা কৰিব (Assam Budget 2023) ৷

Assam budget 2023
বাজেটে ৰিয়েল ইষ্টেট খণ্ডৰ বাবে আনিছে আশাৰ বতৰা: এৰিডা

By

Published : Mar 16, 2023, 9:26 PM IST

গুৱাহাটী, 16 মাৰ্চ: বিত্তমন্ত্ৰী অজন্তা নেওগে বৃহস্পতিবাৰে বিধানসভাত দাখিল কৰা 2023-24 বৰ্ষৰ বাজেটক আদৰণি জনাইছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল’পাৰ্ছ এছ’চিয়েশ্যন চমুকৈ ‘এৰিডা’ই ৷ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয় যে বাজেটত নতুন পথ, দলং আৰু বিমান সংযোগৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়ন আৰু উন্নত সংযোগৰ ওপৰত গুৰুত্ব দিয়া হৈছে (Assam Budget 2023) ৷

ইয়াৰ ফলত ৰিয়েল ইষ্টেট খণ্ডৰ ওপৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পৰিব ৷ আনহাতে চৰকাৰে যথেষ্ট পুঁজি আৱণ্টন দি এই দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ তিনি হাজাৰ কিলোমিটাৰ নতুন পথ নিৰ্মাণৰ পদক্ষেপ আন এক উল্লেখযোগ্য দিশ (Assam budget highlight 2023) ৷

শৰ্মাই লগতে কয় যে গোপীনাথ বৰদলৈ পথত ওপৰত চাৰি লেন পথ, চাইকেল ফেক্টৰীত ফ্লাইঅভাৰ, ফটাশিল চাৰিআলি আৰু ডাউনটাউন হাস্পতালৰ ওচৰত ফ্লাইঅভাৰ, জি এছ ৰোডৰ ৰাজীৱ ভৱনৰ ওচৰত ফ্লাইঅভাৰ, কামাখ্যা মন্দিৰলৈ বিকল্প উন্নত পথ, দীপৰ বিলৰ ওচৰত হাতীৰ আণ্ডাৰপাছ আদি বহু কেইটা আদৰণীয় পদক্ষেপ বাজেটত উল্লেখ কৰা হৈছে ৷ সেইদৰে ডিফু ষ্টেডিয়ামৰ পৰা ডিফুৰ মুখ্য ডাকঘৰলৈ ফ্লাইঅভাৰ নিৰ্মাণ কৰা হ’ব ৷

গুৱাহাটী ৰিং ৰোড প্ৰকল্পক স্বাগতম জনাই শৰ্মাই কয় যে যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ৷ সেইদৰে পলাশবাৰীক শুৱালকুছিৰে সংযোগ কৰাৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে 3197.20 কোটি টকাৰ বাবে অনুমোদন জনোৱা হৈছে আৰু অতি সোনকালেই কাম আৰম্ভ হ’ব (Highlights of Assam budget) ৷

শৰ্মাই লগতে কয় যে অসম চৰকাৰে স্বনিয়োজন আৰু উদ্যোগক বিশেষভাৱে সমৰ্থন কৰিছে ৷ অষ্টাদশ মুকুতাৰ উন্নয়ন মালাৰ জৰিয়তে এম এছ এম ই খণ্ডক উদগনি যোগোৱা হৈছে আৰু যাৰ উদ্দেশ্য হৈছে বি পি এল পৰিয়াল আৰু নিম্ন আয়ৰ পৰিয়ালৰ নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত ক্ষুদ্ৰ উদ্যোগৰ প্ৰসাৰ ঘটোৱা ৷ বাজেটত ব্যক্তিগত খণ্ডত স্ব-নিয়োজনত গুৰুত্ব দিছে ৷ এই আঁচনিৰ অধীনত ব্যৱসায়, উৎপাদন, সেৱা, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্ততাঁত, হস্তশিল্প, কৃষি আৰু সহযোগী, পশুপালন, মীন পালন আৰু দুগ্ধজাত সামগ্ৰীৰ দৰে উপাৰ্জন সৃষ্টিকাৰী কাৰ্যক সমৰ্থন কৰা হ'ব ৷

আনহাতে চৰকাৰে এক লাখ যোগ্য হিতাধিকাৰীক সামৰি লোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ যিসকলক অহা তিনি বছৰত মাইক্ৰ’ এণ্টাৰপ্ৰাইজ ইউনিট আৰম্ভ কৰাৰ বাবে এককালীন সাহায্য হিচাপে 2 লাখ টকা প্ৰদান কৰিব ৷ 2026 চনৰ ভিতৰত অসমক উত্তৰ-পূব ভাৰতৰ স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা আন্তঃগাঁথনিয়ে ৰাজ্যখনৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব বুলি শৰ্মাই সদৰী কৰে ৷

বাজেটত সৌৰ শক্তিক উৎসাহিত কৰা হৈছে ৷ আনহাতে গৃহ নিৰ্মাণৰ অনুমতিৰ ক্ষেত্ৰত বাজেটত অনলাইন ব্যৱস্থাৰ কথা কোৱা হৈছে ৷ ইয়াক বিশেষভাৱে আদৰণি জনাই শৰ্মাই কয় যে অনলাইন বিল্ডিং অনুমতি ব্যৱস্থাটো সময়ৰ অতি প্ৰয়োজনীয়তা ৷ ইমান বছৰ কাগজত থকাৰ পাচত চৰকাৰে অৱশেষত ইয়াৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কৰিছে ৷ যাৰ বাবে চৰকাৰক অভিনন্দন জনাই শৰ্মাই কয় যে ইয়াৰ দ্বাৰা দুৰ্নীতি-অনিয়ম নোহোৱা হ'ব ৷

বাজেটত পৰ্যটনখণ্ডৰ ওপৰত দিয়া গুৰুত্বক আদৰণি জনাই শৰ্মাই কয় যে ৰিয়েল ইষ্টেট বিকাশকাৰী হিচাবে আমি পৰ্যটনৰ বাবে মূল আন্তঃগাঁথনিৰ বিকাশত নিজৰ বাবে বিশাল সম্ভাৱনা দেখিছোঁ ৷ মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে এক লাখ হিতাধিকাৰী সামৰি ল’বলৈ বাজেটত 800 কোটি টকা আৱণ্টন দিয়া হৈছে ৷

শৰ্মাই লগতে কয় যে মিছন বসুন্ধৰা 2.0 ৰ অধীনত প্ৰাপ্ত সকলো আৱেদনৰ নিষ্পত্তিৰ ওপৰত গুৰুত্ব দিয়া, এন চি গাওঁসমূহৰ জৰীপ আৰু নিষ্পত্তি সম্পূৰ্ণ কৰা, ৰাজ্যজুৰি গাওঁ আৰু চৰকাৰী ভূমিৰ পুনৰ জৰীপ সম্পূৰ্ণ কৰাত গুৰুত্বপূৰ্ণ অগ্ৰগতি, ভূমি ধাৰকসকলক তেওঁলোকৰ কাৰ্যালয় আৰু ঘৰৰ আৰামৰ পৰা ভূমি ৰাজহ পৰিশোধ কৰাৰ সুবিধা প্ৰদান কৰা আৰু ৰাজ্যজুৰি ডিজিটেল ষ্টেম্পিং সম্পূৰ্ণৰূপে আৰম্ভ কৰাটো প্ৰথমবাৰৰ বাবে দেখা গৈছে ৷

লগতে পঢ়ক:Assam CM budget reaction: বাল্যবিবাহ প্ৰতিৰোধী অভিযানৰ বাবে বাজেটত ২০০ কোটি টকা আৱণ্টন

ABOUT THE AUTHOR

...view details