অসম

assam

By

Published : Jul 16, 2021, 7:06 PM IST

Updated : Jul 16, 2021, 8:06 PM IST

ETV Bharat / state

Micro Finance : প্ৰতিশ্ৰুতিৰ মতে বাজেটত পুঁজি ধাৰ্য চৰকাৰৰ

2021-22 বৰ্ষৰ অসম বাজেটত মাইক্ৰ’ফাইনেঞ্চক গুৰুত্ব চৰকাৰৰ ৷ ৰাজ্য চৰকাৰে বাজেটত ধাৰ্য কৰিছে 12000 কোটি টকা ৷

assam budget allocation for microfinance
Micro Finance : প্ৰতিশ্ৰুতিৰ মতে বাজেটত পুঁজি ধাৰ্য চৰকাৰৰ

নিউজ ডেস্ক, 16 জুলাই :নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2021-22 বৰ্ষৰ বাজেটত মাইক্ৰ’ফাইনেঞ্চক গুৰুত্ব চৰকাৰৰ ৷ মাইক্ৰ’ফাইনেঞ্চৰ ঋণগ্ৰস্তৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ মাইক্ৰ’ফাইনেঞ্চ ঋণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বাজেটত ধাৰ্য কৰিছে 12000 কোটি টকা ৷

Micro Finance : প্ৰতিশ্ৰুতিৰ মতে বাজেটত পুঁজি ধাৰ্য চৰকাৰৰ

মাইক্ৰ’ফাইনেঞ্চৰ সুদৰ পৰা ঋণগ্ৰস্তক আংশক ৰেহায়ৰ বাবে প্ৰণয়ন কৰা হৈছে Assam Micro Finance Institutions (Regulations of Money Lending) Act, 2020 ৷ যোৱা 11 মে’ত মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত মাইক্ৰ’ফাইনেঞ্চ সম্পৰ্কীয় এখন কমিটী গঠন কৰা হৈছে ৷ এই কমিটীয়ে ঋণ গ্ৰহণকাৰীসকলৰ ঋণ ৰেহায়ৰ ক্ষেত্ৰত কৰ্মপন্থা যুগুত কৰিব ৷

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ গ্ৰহণকাৰী সকলক সকাহ দিয়াৰ বাবে Assam Micro Finance Incentive and Relief Scheme (AMFIRS), 2021 নামৰ আঁচনিখনত অনুমোদন জনাইছে ৷ এই আঁচনিখনৰ অধীনত ঋণ গ্ৰহণকাৰী লোকসকলক তিনিটা ভাগত ভাগ কৰা হৈছে ৷ প্ৰথমটো শ্ৰেণীৰ অধীনত নিয়মিতভাৱে ঋণ পৰিশোধ কৰা গ্ৰাহকক অন্তৰ্ভুক্ত কৰা হৈছে ৷ প্ৰথম শ্ৰেণীৰ অন্তৰ্গত ঋণ গ্ৰহণকাৰীক 25000 টকাৰ সাহায্য প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ৷

আনহাতে, দ্বিতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে 1 ৰ পৰা 89 দিনৰ ভিতৰত ঋণ পৰিশোধ নকৰা সকলক ৷ তেওঁলোকক পৰিশোধ কৰিবলৈ থকা ধনৰাশি প্ৰদান কৰা হ’ব ৷ তাৰ পাচত তেওঁলোকৰ একাউন্টসমূহ পৰ্যবেক্ষণ কৰা হ’ব ৷ নিয়মীয়াকৈ পৰৱৰ্তী ঋণৰ কিষ্টি পৰিশোধ কৰিলে 25000 টকাৰ উদগনিৰ বাবে তেওঁলোকো যোগ্য হৈ পৰিব ৷

একেদৰে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লৈ সৰ্বস্বান্ত হৈ পৰা ঋণগ্ৰস্ত সকলক যাৰ একাউন্ট NPA হিচাপে পৰিগণিত হৈছে, তেওঁলোকক তৃতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই আঁচনিৰ দ্বাৰা বিবেচিত হ’বলৈ তেওঁলোকে প্ৰ-পত্ৰত আবেদন কৰিব লাগিব ৷ এনেধৰণৰ ঋণদাতাসকল এতিয়া সম্পূৰ্ণ ৰূপে নিকা আচৰণ বিধিৰ নীতি-নিৰ্দেশনাৰ দ্বাৰা পৰিচালিত হ’ব ৷ ইয়াৰ ফলত 4000 কোটিতকৈও অধিক ধন ঋণ দাতাৰ পৰা ধন পোনে পোনে ঋণগ্ৰহণকাৰীৰ হাতলৈ যাব ৷

চলিত বৰ্ষত এই ঋণ ৰেহায়ৰ বাবে প্ৰয়োজন হ’ব 12000 কোটি টকা ৷ অৱশ্যে ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানে ঋণ গ্ৰহণকাৰীক লাভালাভ আগবঢ়োৱাৰ ওপৰত ভিত্তি কৰি এই পৰিমাণ 7500 কোটি লৈ হ্ৰাস হ’ব ৷ বৰ্তমান ৰাজ্যত প্ৰায় 26 লাখ ঋণগ্ৰস্ত লোক থকাৰ বিপৰীতে অনাদায় হৈ আছে প্ৰায় 12500 কোটি টকাৰ ঋণ ৷

লগতে পঢ়ক: বিধানসভাৰ পৰা বিত্তমন্ত্ৰীৰ বাজেট দাখিলৰ LIVE..

Last Updated : Jul 16, 2021, 8:06 PM IST

ABOUT THE AUTHOR

...view details