প্রদেশ কংগ্রেছক তীব্র সমালোচনা ৰাজ্যিক বিজেপিৰ গুৱাহাটী, ২ অক্টোবৰ : "কংগ্ৰেছৰ নেতা সকল এতিয়া হতাশাত ভুগিছে ৷ গুৱাহাটী মহানগৰীত সম্পন্ন হোৱা উন্নয়নমূলক কাম-কাজ বিলাকৰ অপব্যাখ্যা আৰু বিৰূপ সমালোচনাৰ যোগেদি কংগ্ৰেছৰ নেতা সকলে তেওঁলোকৰ স্বৰূপটো ৰাইজৰ সন্মুখত উন্মোচিত কৰিছে ৷" সোমবাৰে ভাৰতীয় জনতা পার্টিৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত দলৰ মুখপাত্রদ্বয় ৰূপম গোস্বামী আৰু সুভাষ দত্তই প্রদেশ কংগ্রেছক তীব্র সমালোচনা কৰি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ নেতৃত্বতহে গুৱাহাটীৰ উন্নয়নৰ ৰূপৰেখা তৈয়াৰ হৈছে বুলি মন্তব্য কৰে ৷
সংবাদমেলত মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো ৷ কংগ্ৰেছৰ নেতা সকলে সমালোচনাৰ পূৰ্বে এইটো চিন্তা কৰা উচিত আছিল যে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীখনৰ বিকাশৰ পৰিকল্পনা তেওঁলোকে বহু আগতেই কৰাৰ সুযোগ পাইছিল ৷ কিন্তু কংগ্ৰেছৰ নেতা সকলৰ দূৰদৰ্শিতাৰ অভাৱৰ বাবেই অপৰিকল্পিত তথা বিশৃংখলভাৱে কৰা নিৰ্মাণ আৰু নীতিবর্হিভূতভাৱে কৰা নিৰ্মাণৰ ফলত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাই গা কৰি উঠিছে ৷ দীৰ্ঘদিন ধৰি শাসনত থকা কংগ্ৰেছ দলে গুৱাহাটী মহানগৰীত থকা জলাশয় সমূহত বেদখলমুক্ত কৰি সুৰক্ষিত নকৰিলে ৷ যাৰ ফলশ্ৰুতিত মহানগৰীৰ ৰাইজে এতিয়া কৃত্ৰিম বানপানীৰ কবলত পৰিছে ৷
মুখপাত্র গৰাকীয়ে কয় ২০১৬ চনত বিজেপি চৰকাৰ অসমত শাসনলৈ অহাৰ পিছতেই গুৱাহাটী মহানগীৰৰ ভৌগলিক দিশ চালিজাৰি চাই ৰাইজৰ সুবিধা হোৱাকৈ উন্নয়নমূলক কাম-কাজ আৰম্ভ কৰিছে ৷ মহানগৰীত এতিয়া কেইবাখনো অত্যাধুনিক ফ্লাই অভাৰ, ফুট ব্রীজ নির্মাণ হৈছে ৷ ৰাস্তা-ঘাট পকীকৰণ হৈছে ৷ গুৱাহাটী পৌৰ নিগমে নলা-নর্দমা সমূহ নিয়মিতভাৱে পৰিষ্কাৰ কৰিছে ৷ ভৰলু, বাহিনীকে আদি কৰি মহানগীৰৰ মাজেৰে বৈ যোৱা উপনৈ সমূহত খনন কাৰ্য অব্যাহত ৰাখিছে ৷ জলাশয় সমূহত বেদখলমুক্ত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে ৷ মহানগৰীৰ ৰাইজেও প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছতা অভিযানৰ প্ৰতি সহাঁৰি জনাইছে ৷ যাৰ ফলশ্ৰুতিত মহানগৰীত এতিয়া কৃত্ৰিম বানপানীৰ পৰিমাণ আগতকৈ বহু পৰিমাণে কমি আহিছে ৷
সংবাদমেলত দলটোৰ আন এগৰাকী মুখপাত্র সুভাষ দত্তই কয় যে, প্রদেশ কংগ্ৰেছৰ নেতাসকল মুখ্যমন্ত্ৰীৰ জনপ্রিয়তা তথা সফলতাত ঈৰ্ষান্বিত হৈছে ৷ বহু কংগ্ৰেছী নেতাই মুখ্যমন্ত্ৰী গৰাকীক হিংসা কৰে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰহণযোগ্যতা ৰাষ্ট্ৰীয় পৰ্যায়ত বৃদ্ধি পাইছে ৷ এই কথাই কংগ্ৰেছী সকলৰ নিদ্ৰা হৰণ কৰিছে ৷ সেয়ে তেওঁলোকে সমালোচনাৰ নামত নিজৰ বহুৱালি চৰিত্ৰ প্ৰকাশ কৰিছে ৷
লগতে মুখপাত্র গৰাকীয়ে কয় যে অসম চৰকাৰৰ উদ্যোগত কেইবাখনো উদ্যান নিৰ্মাণ হোৱাৰ ফলত মহানগৰীৰ ৰাইজে অৱসৰ বিনোদনৰ সময় কটাবলৈ যান্ত্ৰিকতাৰ মাজতো এক মুকলি পৰিবেশ লাভ কৰিছে ৷ মহানগৰীত চিচি টিভিৰ লগতে ষ্ট্ৰীট লাইটৰ ব্যৱস্থাও কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰেও গুৱাহাটীৰ উন্নয়নৰ বাবে বৃহৎ পুঁজিৰ যোগান ধৰিছে। প্ৰকৃততে বিজেপি চৰকাৰৰ দিনত গুৱাহাটীখনৰ সামগ্রিক উন্নয়ন সম্ভৱ হৈ উঠিছে ৷ কংগ্ৰেছী সকলে তেওঁলোকৰ শাসনকালত এয়া হয়তো কল্পনাই কৰিব পৰা নাছিল ৷ সেয়েহে তেওঁলোকে বিজেপিৰ দিনত হোৱা উন্নয়ন দেখি ঈৰ্ষান্বিত হৈ মনেসজা ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্য প্রণোদিতভাৱে ৰাইজৰ মাজত চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈ অপপ্ৰচাৰত লিপ্ত হৈছে ৷
সাংবাদিকে সোধা এক প্রশ্নৰ উত্তৰত মুখপাত্র গৰাকীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ কোনো নেতা বা সদস্যই কংগ্ৰেছ দলত যোগদান কৰিব বুলি কৈ থকা কথাটো ভিত্তিহীন ৷ তাৰ বিপৰীতে ছয় সাতজন কংগ্ৰেছ দলৰ বিধায়কেহে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আগ্ৰহী হৈ আছে বুলি মন্তব্য কৰি মুখপাত্ৰজনে কয় যে ভাৰতীয় জনতা পাৰ্টিত এতিয়া এই সকল নেতাৰ বাবে ঠাই নাই ৷ সেউজ সংকেত পালে কংগ্ৰেছৰ নেতা বিধায়কেহে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ অধীৰ আগ্ৰহী হৈ আছে ৷ লগতে AIDUF প্ৰধান বদৰুদ্দিন আজমলে ছাগলে নাখাই কি পাগলে নকয় কি বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত মুখপাত্ৰ ৰূপম গোস্বামীৰ কয় যে আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়, আজমলক অসমৰ ৰাইজে সময়ত প্ৰত্যুত্তৰ দিব ৷
লগতে পঢ়ক :Badruddin Ajmal: এফালে I.N.D.I.Aত যোগদানৰ আশা, আনফালে ক্ষোভ আজমলৰ; মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও সমালোচনাত মুখৰ