অসম

assam

ETV Bharat / state

Comments on Price Hike: মূল্যবৃ্দ্ধি সন্দৰ্ভত ভৱেশ কলিতাৰ আজৱ যুক্তি; ৰাইজে কৰিছে হাহাকাৰ - ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

মূল্যবৃদ্ধি এটা ডাঙৰ সমস্যা বুলি আমি আটায়ে জ্ঞাত ৷ এই মূল্য বৃদ্ধিয়ে ৰাইজক যিদৰে সমস্যাত পেলাই, ৰাজনীতিককো তেনেকৈয়ে কেতিয়াবা সমস্যাত পেলায় ৷ বিশেষকৈ শাসকীয় দলৰ নেতাসকল বৰ অস্বস্তিত পৰে মূল্যবৃদ্ধিৰ বাবে ৷ যেতিয়াই মূল্যবৃ্দ্ধি হয়, সাংবাদিকে প্ৰশ্ন কৰিলে কোনো কোনো সময়ত অযুক্তিকৰ কেতবোৰ মন্তব্য কৰে একাংশ নেতাই ৷ যাৰ বাবে সমালোচনাৰ সন্মুখীন হোৱাৰ লগতে হাঁহিয়াতৰ পাত্ৰ হ’ব লগীয়া হয় এইসকল নেতা ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এইবাৰ কৰিছে তেনে এক মন্তব্য...

Comments on Price Hike
Bizarre comments on price Hike

By

Published : Jun 5, 2023, 10:27 PM IST

মূল্যবৃ্দ্ধি সন্দৰ্ভত ভৱেশ কলিতাৰ আজৱ যুক্তি

গুৱাহাটী, 5 জুন: মূল্যবৃদ্ধি বা মাছুল বৃদ্ধি সন্দৰ্ভত শাসকীয় পক্ষৰ নেতাসকলে প্ৰায়েই উদ্ভট মন্তব্য কৰি আত্মপক্ষক সুৰক্ষা দিয়াৰ চেষ্টা কৰা দেখা যায় ৷ বিগত সময়ছোৱাত অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বহুকেইগৰাকী নেতা-মন্ত্ৰীয়ে এনে মন্তব্য কৰি হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে ৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুৎ মাচুল বৃদ্ধি তথা গৰমৰ পৰা পৰিত্ৰাণ লাভৰ সূত্ৰ আগবঢ়োৱাৰ এদিনৰ পাচতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই খাদ্যসামগ্ৰীৰ মূল্যবৃদ্ধি সন্দৰ্ভত কৰিলে এক আজৱ মন্তব্য ৷ এই মন্তব্য শুনিলে আপুনিও ক’বলৈ বাধ্য হ’ব, ‘‘ফাঁট মেলা বসুমতি পাতালে লুকাওঁ’’ (Bhabesh Kalita comments on price Hike) ৷

"বেছি খালে মূল্যবৃদ্ধি হ’বই । জনসংখ্যা বাঢ়িছে, প্ৰডাকচন কমিছে ।" এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ । গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলৰ সম্বোধন কৰি বহুকেইটা বিষয়ৰ ওপৰত মন্তব্য প্ৰদান কৰে ভৱেশ কলিতাই (Bhabesh Kalita makes bizarre comment) ।

উল্লেখ্য যে, NDA চৰকাৰে নৱম বর্ষপূৰ্তি উৎযাপন কৰিবলৈ ওলোৱা সম্পৰ্কত অসমৰ বিৰোধী দলসমূহে সমালোচনাত্মক মন্তব্য কৰিছিল ৷ ন বছৰত মূল্যবৃদ্ধি কমাব নোৱাৰা মোদী চৰকাৰে আৰু নো কি কৰিব বুলি কটাক্ষ কৰিছিল কেইবাটাও বিৰোধী দলে ৷ এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই কয় যে, বেছি খালে মূল্যবৃদ্ধি হ’বই । জনসংখ্যা বাঢ়িছে, প্ৰডাকচন কমিছে । সেয়েহে মূল্যবৃদ্ধি হৈছে । ২০১৪ চনত জনসংখ্যা কম আছিল, এতিয়া চীনক পিছ পেলাই ভাৰত প্ৰথম হ’ল । সেয়েহে মূল্যবৃদ্ধি হোৱাতো স্বাভাৱিক (Bhabesh Kalita on price hike)।

উল্লেখ্য যে, ভৱেশ কলিতাই এইবাৰেই প্ৰথম এনে মন্তব্য কৰা নাই ৷ ইয়াৰ পূৰ্বেও পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সম্পৰ্কত তেওঁ এখন মটৰ চাইকেলত তিনিজনকৈ উঠিবলৈ আৰু বা-বজাৰলৈ খোজকাঢ়ি যাবলৈ পৰামৰ্শ আগবঢ়াইছিল ৷ এনে এক বিষয়তে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দুখীয়া হোৱাতো পূৰ্ব জন্মৰ পাপৰ ফল বুলি উল্লেখ কৰিছিল ৷ মূল্যবৃদ্ধি সম্পৰ্কত সাংসদ কামাখ্যা প্ৰসাদ তাছায়ো কৰিছিল অদ্ভুত মন্তব্য ৷ তেওঁৰ মতে খোৱাৰ কথা ভাবি থাকিলে দাম বাঢ়ে (Bizarre comments on price Hike) ৷

লগতে পঢ়ক:JICA water pipe blast: পুনৰ শিলসাঁকোত ফাটিল জাইকাৰ পানীৰ পাইপ

এই ক্ষেত্ৰত পিচপৰি ৰোৱা নাছিল দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰাও ৷ আলুৰ দাম বৃদ্ধি বাবে ৰাইজক পিয়াজ ভাজি খোৱাৰ পৰামৰ্শ দিছিল বিধায়কগৰাকীয়ে ৷ লগতে শাক-পাচলি কমকৈ খাই ভাত বেছিকৈ খাবলৈও বিধায়ক বৰাই দিছিল পৰামৰ্শ ৷ ইফালে যোৱা দেওবাৰে বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰিছিল এক উদ্ভট মন্তব্য ৷ বৈদ্যুতিক পাংখা ব্যৱহাৰৰ পৰিৱৰ্তে গছৰ তলত বহি বতাহ ল’বলৈ পৰামৰ্শ দিয়ে দৈমাৰীয়ে ৷ এই মন্তব্যৰ পাচতে সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ সন্মুখীন হয় বিশ্বজিৎ দৈমাৰী (Biswajit Daimary electricity tariff hike comment ) ৷

মূল্যবৃদ্ধি সন্দৰ্ভত নিজৰ চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ গৈ অযুক্তিকৰ মন্তব্য কৰিলেও, বিৰোধীক কিন্তু সমালোচনা কৰিবলৈ নেৰিলে ভৱেশ কলিতাই ৷ তেওঁ কয় যে, এতিয়া ৰাজ্যৰ কিমান উন্নয়ন হৈছে বিৰোধীয়ে সেয়া দেখা নাপায় । ৰাজ্যত AIIMS কোনে আনিলে, কেঞ্চাৰ হস্পাতাল কেইখন আছিলে বুলিও বিৰোধীক প্ৰশ্ন কৰে কলিতাই । পূৰ্বৰ চৰকাৰক তাচ্ছিল্য কৰি ভৱেশ কলিতাই কয়, ‘‘কংগ্ৰেছৰ দিনত দলঙৰ আগত লিখা আছিল দুৰ্বল দলং, গাড়ী লাহে লাহে চলাব । আজি আমাৰ চৰকাৰৰ দিনত সেই দলঙৰ ওপৰেৰেই গাড়ী ১২০ স্পীডত লৈ যাব পাৰে ।’’

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সকলোকে গছপুলি ৰোপণ কৰিবলৈ আহ্বান ভৱেশ কলিতাৰ । ইয়াৰ লগতে প্লাষ্টিক ব্যৱহাৰ ত্যাগ কৰি কাপোৰৰ মোনা বা মৰাপাটৰ বেগ ব্যৱহাৰ কৰিবলৈও আহ্বান জনাই কলিতাই । ইয়াৰ লগতে ধেমাজি জিলাৰ জয়ৰামপুৰ পাণবাৰীৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত গছপুলি ৰোপন কৰিবলৈ যাওঁতে অসমৰ লোকক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনা সন্দৰ্ভতো মন্তব্য আগবঢ়াই সভাপতি ভৱেশ কলিতাই ।

লগতে পঢ়ক:AAP protest: গুৱাহাটীবাসীৰ পানীৰ সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

সভাপতি কলিতাই কয় যে, অসম-অৰুণাচল ভাই ভাই । এটা সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্য অসমৰ লগতে আছিল । কিছু কাৰণত এতিয়া সকলো বেলেগ বেলেগ ৰাজ্য হ’ল । এনে কাম গৰিহনাৰ যোগ্য । আজি বিশেষ দিন বুলি তেওঁলোকে গছপুলি ৰোপণ কৰিবলৈহে গৈছিল । গছ সকলোতে ৰোপন কৰিব পাৰে, সেয়া অসমেই হওক বা অৰুণাচলে হওক । মানুহ হিচাপে এইবিলাক গৰ্হিত কামৰ পৰা আঁতৰত থাকিব লাগে বুলি মত প্ৰকাশ কৰে ভৱেশ কলিতাই ।

উল্লেখ্য যে, NDA চৰকাৰৰ নৱম বর্ষপূৰ্তি উপলক্ষে ১৪ টা লোকসভা সমষ্টিত ১৪ খন জনসভা অনুষ্ঠিত কৰা হ'ব । ১৯ জুনত যোৰহাটত জনসভা সম্বোধন কৰিব জেপি নাড্ডাই । ২৭ জুনত গৃহমন্ত্ৰীয়ে নগাঁৱত জনসভা সম্বোধন কৰিব ।

ABOUT THE AUTHOR

...view details