গুৱাহাটী, 4 জানুৱাৰী :আগন্তুক ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন অগপৰ লগত বি জে পি দলে মিত্ৰতাৰে অৱতীৰ্ণ হ'ব । এই নিৰ্বাচনত মিত্ৰ দলৰ ফলাফল ভাল হ'ব । মঙলবাৰে বি জে পিৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰে বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita addressing a press conference in Guwahati) ।
তেওঁ কয় যে, আগন্তুক ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ সভা (Guwahati Municipal Council Election)আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনতো বিজেপিৰ ফলাফল বহুত ভাল হ'ব । ইতিমধ্যে পৌৰ সভা আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰতিখন জিলাতে বিধায়কসকলক লগত লৈ এখনকৈ ক'ৰ কমিটী গঠন কৰা হৈছে । এই ক'ৰ কমিটীয়ে পৌৰ সভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঠিক কৰিব ।
বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আৰু কয় যে, কংগ্ৰেছৰ কেবাজনো বিধায়ক আৰু নেতাই বি জে পিত যোগদান কৰাৰ বাবে যোগাযোগ কৰি আছে ।
কিন্তু আগন্তুক ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন আৰু পৌৰ সভা (Municipal Elections in 2022)আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (Guwahati Municipal Corporation Election)ৰ বাবে দলে ব্যস্ত থকাৰ বাবে এই বিষয়ত বৰ্তমান গুৰুত্ব দিয়া নাই । এই সংবাদ মেলতেই বি জে পিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে 31 ডিচেম্বৰৰ নিশা গৃহ বিভাগে লোৱা ভূমিকাৰো শলাগ লয় । লগতে তেওঁ কয় যে, 31 ডিচেম্বৰৰ নিশাৰ পৰিস্থিতি মুখ্যমন্ত্ৰী নিজে নিৰীক্ষণ কৰিছে ।
তেওঁ কয় যে, বৰ্তমান ক’ভিডৰ ভয়ংকৰ অৱস্থা হৈছে । যাৰ বাবে চৰকাৰে ভেকচিনত যথেষ্ট গুৰুত্ব দিছে । উল্লেখ্য যে, আগন্তুক 10 মে'ত বি জে পি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে সম্পূৰ্ণ কৰিব আঠ মাহ ।
এই আঠ মাহত চৰকাৰে বহুখিনি নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিছে । উন্নয়নমূলক কামবোৰ হৈ আছে । চৰকাৰে শিক্ষা আৰু স্বাস্থ্যত বিশেষ গুৰুত্ব দি কাম কৰি আছে । এই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।
লগতে পঢ়ক :GMC ELECTION : 2022ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব নিৰ্বাচন