অসম

assam

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 10:14 PM IST

ETV Bharat / state

বড়োভূমিৰ ৰাজনীতিক লৈ চিন্তিত নেকি বিজেপি ?

ৰাজস্থান, গুজৰাট, ছত্তীশগড়ৰ ফলাফলত উৎসাহী অসম বিজেপি ৷ মঙলবাৰে বাজপেয়ী ভৱনত বিশেষ সভা ৷ কোকৰাঝাৰ-দৰং ওদালগুৰিয়ে পাব প্ৰাধান্য ৷

Assam BJP holds party meeting
Assam BJP holds party meeting

গুৱাহাটী, ৪ ডিচেম্বৰ: দেশৰ চাৰিখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলে উৎসাহিত কৰি তুলিছে অসমৰ বিজেপি নেতৃত্বক ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে এতিয়া দুগুণ উচাহেৰে লাগিছে ৰাজ্যিক বিজেপি ৷ বাজপেয়ী ভৱনত বাঢ়িছে তৎপৰতা । মঙলবাৰে বিজেপিৰ গুৱাহাটীৰ বশিষ্ঠত থকা মুখ্য কাৰ্যালয়ত আয়োজন কৰা হৈছে লোকসভা নিৰ্বাচনকেন্দ্ৰিক এখন বিশেষ পৰ্যালোচনা সভা । য’ত অংশগ্ৰহণ কৰিব মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ খতিয়ান ল’ব আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিভিন্ন দিশৰ ৷ বিশেষকৈ বড়োভূমি বিটিআৰত বিজেপিৰ দলীয় পৰিস্থিতিক লৈ হ’ব বিশেষ আলোচনা ।

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালভাৱে প্ৰতিটো লোকসভা সমষ্টিক লৈ পৰ্যালোচনা অব্যাহত আছে বিজেপিৰ । আন আন সমষ্টিৰ লগতে বিটিআৰক সামৰি লোৱা লোকসভা সমষ্টি কেইটাক লৈ অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে গেৰুৱা দলটোক । কোন হ’ব বিজেপি-অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ কোকৰাঝাৰৰ প্ৰাৰ্থী ? কি হ’ব দৰং-ওদালগুৰিত বিজেপি মিত্ৰজোঁটৰ সমীকৰণ ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিলৈকে বিজেপিয়ে অসমত ২০২৪ ত যি ১২ টা লোকসভা সমষ্টিত নিজৰ জয় হ’ব বুলি দাবী কৰি আহিছে ৷ তাৰ ভিতৰত কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি সমষ্টিও আছে ৷ মিত্ৰ দল ইউপিপিএলৰ সমান্তৰালভাৱে বিটিআৰত নিজৰ সাংগঠনিক ভেঁটি সবল কৰাত ব্যস্ত হৈ পৰিছে বিজেপি ৷ সেয়ে এতিয়াও ধুঁৱলী-কুঁৱলী হৈ আছে বড়োভূমিৰ লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপট ৷

ইফালে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি সমষ্টিত হাগ্ৰামা মহিলাৰীয়েও লৈছে এক বিশেষ ভূমিকা । হাগ্ৰামাৰ শেহতীয়া দাবী বিপিএফে লোকসভাত দুখন আসনত জয় লাভ কৰিব ৷ লগতে কেন্দ্ৰত মন্ত্ৰিত্বও লাভ কৰিব ৷ হাগ্ৰামাৰ এই ঘোষণাই দৰং-ওদালগুৰি আৰু কোকৰাঝাৰৰ ৰাজনীতিত নতুন টুইষ্ট আনিছে ৷ হাগ্ৰামাৰ পিছতে বিপিএফৰ প্ৰভাৱশালী নেতা খাম্ফা বৰগয়াৰীয়ে নিজকেই কোকৰাঝাৰৰ বিপিএফৰ প্ৰাৰ্থী ৰূপে মাত্ৰ দুদিন আগতে ঘোষণা কৰিছে ।

বিপিএফে ইতিমধ্যেই স্পষ্ট ৰূপত কৈছে যে দৰং-ওদালগুৰিতো প্ৰাৰ্থী দিব বিপিএফে ৷ তেনে প্ৰেক্ষাপটত বিজেপিয়ে এই সমষ্টি দুটাক লৈ কি ৰণনীতি গ্ৰহণ কৰিব সেয়াও লক্ষণীয় হ’ব ৷ মন কৰিবলগীয়া যে, দৰং-ওদালগুৰিক লৈ ইপিনে আৰম্ভ হৈছে বিশেষ ৰাজনীতি । এইবাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে বৰ্তমান মঙলদৈৰ সাংসদ দিলীপ শইকীয়া । কাৰণ হিচাবে বিবেচিত হৈছে যোৱা চাৰে চাৰি বছৰত সাংসদ হিচাপে পাৰদৰ্শিতা প্ৰদর্শনত ব্যর্থ হোৱাৰ অভিযোগ ।

আনহাতে দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদবীৰ পৰাও তেওঁ আঁতৰিব লগীয়া হৈছে । তাৰ পৰিৱৰ্তে নতুন প্ৰাৰ্থীৰ নাম চালনিত উঠিছে বিজেপিৰ । দলীয় মঞ্চত চৰ্চা হৈছে যে দিলীপ শইকীয়াৰ পৰিৱৰ্তে এইবাৰ দৰং-ওদালগুৰি সমষ্টিত ২০২৪ত প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে কোঁচ ৰাজবংশী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিজেপিৰ নেতা প্ৰণৱ নাৰায়ণ দেৱ নতুবা জ্যেষ্ঠ নেতা ৰমেন ডেকাই ।

কিন্তু সমষ্টিটোত আছে বিপিএফৰ বিশেষ প্ৰভাৱ ৷ সেয়ে, যদি শেষত গৈ হাগ্ৰামা বিজেপিৰ নিৰ্বাচনী ৰাজনৈতিক ৰণকৌশলৰ প্ৰত্যক্ষ বা পৰোক্ষ অংশীদাৰ নহয়গৈ তেন্তে বিপিএফে আউল লগাব পাৰে দৰং-মঙলদৈ সমষ্টিতো ৷ এনে প্ৰেক্ষাপটত বিটিআৰক লৈ বিজেপিয়ে নিজাকৈ পৰ্যালোচনা বৈঠক পতাটো তেনেই স্বাভাৱিক ।

ছত্তীশগড়, ৰাজস্থান আৰু মধ্যপ্ৰদেশত বিজেপিৰ নিৰ্বাচনী সফলতাৰ পিছত অধিক আত্মবিশ্বাসী হৈ পৰিছে অসম বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মঙলবাৰে বাজপেয়ী ভৱনত হ’ব বিশেষ বৈঠক ৷ য’ত আগস্থান পাব বড়োভূমিৰ ৰাজনীতিয়ে ।

লগতে পঢ়ক:ভাৰতীয় ৰাজনীতিত নতুন চাণক্যৰ ৰূপত উদ্ভাসিত সুনীল কানুগোলু

ABOUT THE AUTHOR

...view details