অসম

assam

ETV Bharat / state

২৪ এপ্ৰিলৰ পৰা বিজেপিৰ নিৰ্বাচনী পৰ্যালোচনা - সপ্তাহজোৰা কাৰ্যসূচী

কৰ'ণা সংকটৰ মাজতে ২৪ এপ্ৰিলৰ পৰা ৰাজ্যৰ বিভিন্ন সমষ্টিত বিধানসভা নিৰ্বাচনৰ পৰ্যালোচনা চলাব বিজেপিয়ে । সপ্তাহজোৰা কাৰ্যসূচীৰে হাতত লৈছে গেৰুৱা দলটোৱে । ৩০ এপ্ৰিললৈ চলিব এই পৰ্যালোচনা বৈঠকসমূহ ।

কৰ'ণা সংকটৰ মাজতে অহা ২৪ এপ্ৰিলৰ পৰা বিজেপিৰ নিৰ্বাচনী পৰ্যালোচনা
কৰ'ণা সংকটৰ মাজতে অহা ২৪ এপ্ৰিলৰ পৰা বিজেপিৰ নিৰ্বাচনী পৰ্যালোচনা

By

Published : Apr 21, 2021, 5:03 PM IST

গুৱাহাটী,২১ এপ্ৰিল: ৰাজ্যজুৰি কৰ'ণাৰ বিভীষিকা অব্যাহত থকাৰ মাজতে বিজেপি দলে ২৪ এপ্ৰিলৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে বিভিন্ন বিধানসভা সমষ্টিত চলাব সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ পৰ্যালোচনা । ইতিমধ্যে, দলৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে দলটোৰ চাৰিজনকৈ সাধাৰণ সম্পাদকক বিভিন্ন সমষ্টিত এই পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে ।

সেই নিৰ্দেশ অনুসৰি দলৰ সাধাৰণ সম্পাদক তথা সাংসদ তপন কুমাৰ গগৈক ধেমাজি, ঢকুৱাখনা, লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ, ওদালগুৰি, দৰং, নগাঁও আৰু বঙাইগাঁও জিলাৰ পৰ্যালোচনাৰ দায়িত্ব দিয়া হৈছে । একেদৰে দলৰ সাধাৰণ সম্পাদক(প্ৰশাসনিক) ফণীন্দ্ৰ নাথ শৰ্মাক কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, চিৰাং, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ আৰু কোকৰাঝাৰৰ দায়িত্ব ন্যস্ত কৰা হৈছে ।

কৰ'ণা সংকটৰ মাজতে অহা ২৪ এপ্ৰিলৰ পৰা বিজেপিৰ নিৰ্বাচনী পৰ্যালোচনা

আনহাতে, আন এগৰাকী সাধাৰণ সম্পাদক পল্লৱলোচন দাসক তিনিচুকীয়া, ডিব্ৰুগড়, শদিয়া, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, কলিয়াবৰ, হোজাই আৰু মৰিগাঁৱৰ দায়িত্ব দিয়া হৈছে ।

সাধাৰণ সম্পাদক ডাঃ ৰাজদীপ ৰায়ক দিয়া হৈছে ডিমা হাচাও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, গুৱাহাটী, দক্ষিণ কামৰূপ, উত্তৰ কামৰূপ, গোৱালপাৰা, বাক্সা, বজালী, বৰপেটা আৰু নলবাৰীৰ দায়িত্ব দিয়া হৈছে । উল্লেখ্য যে, ২৪-৩০ এপ্ৰিললৈ চলিব এই পৰ্যালোচনা বৈঠকসমূহ । ২ মে'ত নিৰ্বাচনী ফলাফল ঘোষণা হ'ব ।

লগতে পঢ়ক: আমগুৰিত 8 গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি

ABOUT THE AUTHOR

...view details