অসম

assam

ETV Bharat / state

Assam Assembly Autumn session: সোমবাৰৰ পৰা নতুন ভৱনত অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন - লোকসভাৰ অধ্যক্ষ ওম বিৰলা

অসম বিধানসভাৰ নতুন ভৱনত সোমবাৰৰ পৰা অনুষ্ঠিত হ’ব শৰৎকালীন অধিবেশন ৷ ডিজিটেল পদ্ধতিৰে পৰিচালিত হ’ব এই অধিবেশন ৷ কি কি হ’ব এই অধিবেশনত, জানিবলৈ পঢ়ক...

Assam Assembly Autumn session
Assam Assembly Autumn session 2023

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 3:39 PM IST

Updated : Sep 11, 2023, 6:14 AM IST

গুৱাহাটী, ১০ ছেপ্টেম্বৰ: অসম বিধানসভাৰ নতুন ভৱনত সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন । ১১ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ চলিব বিধানসভাৰ অধিবেশন । কাৰ্যসূচী অনুসৰি ১১ ছেপ্টেম্বৰৰ প্ৰথম দিনাৰ কাৰ্যসূচীত ২০২৩-২০২৪ বৰ্ষৰ পৰিপূৰক মঞ্জুৰী গ্ৰাণ্ট উত্থাপন কৰা হ’ব । ১৩ ছেপ্টেম্বৰত পৰিপূৰক গ্ৰাণ্টৰ সন্দৰ্ভত মঞ্জুৰী ভোটিং অনুষ্ঠিত হ’ব । ১৪ ছেপ্টেম্বৰত বহুকেইখন চৰকাৰী বিধেয়ক উত্থাপন হ’ব । এই বিধেয়কসমূহৰ ভিতৰত পঞ্চায়তী আইন-১৯৯৪ সংশোধনী বিধেয়কো থকাৰ সম্ভাৱনা আছে ।

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

উল্লেখ্য যে, ৰাজ্যিক কেবিনেটে ইতিমধ্যে পঞ্চায়তী আইনৰ সংশোধন কৰি গাঁও পঞ্চায়তৰ নিৰ্বাচন প্ৰতীকবিহীন কৰাকে ধৰি ভালেখিনি সংস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বিধানসভাৰ পাঁচদিনীয়া শৰৎকালীন অধিৱেশনৰ বাবে সাজু কৰি তোলা হৈছে নতুন ভৱনটো । যোৱা ৩০ জুলাইত স্থায়ী ঠিকনা লাভ কৰিছিল অসম বিধানসভাই । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৩০ জুলাইত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল অসম বিধানসভাৰ নতুন ভৱনটো । ইয়াৰ লগে লগে ইতিহাস হৈছিল অসম বিধানসভাৰ পুৰণি ভৱনটোৰ ৫০ বছৰীয়া গৌৰৱোজ্বল ইতিহাস ।

২০০৯ চনতেই বিধানসভাৰ নতুন ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল । বহু মহলীয়া এই ভৱনটোৰ নিৰ্মাণ সম্পন্ন হৈছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত । পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত হিতেন্দ্ৰ নাথ গোস্বামী অধ্যক্ষ হৈ থকাৰ সময়ত এদিনৰ বাবে নতুন ভৱনত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল ।

কিন্তু নৱ নিৰ্মিত ভৱনটোত কেতবোৰ কাৰিকৰী খুঁত ৰৈ যোৱাৰ বাবে পৰৱৰ্তী সময়ত পুনৰ পুৰণি ভৱনৰ পৰাই বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল । পূৰ্বে নতুন ভৱনটো নিৰ্মাণৰ বাবে ২৩৪ কোটি টকা ধার্য কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত আন্তঃগাঁথনিৰ কিছু পৰিৱৰ্তন কৰা বাবে নিৰ্মাণ ব্যয় ৩৫১ কোটি টকালৈ বৃদ্ধি পাইছিল ।

লগতে পঢ়ক:Tourism minister on Bagane Bagane Congress : কংগ্ৰেছ পৰ্যটক! বাগানে বাগানে পৰ্যটক আহিছে, পৰিদৰ্শন কৰি গুছি যাব: জয়ন্তমল্ল বৰুৱা

উল্লেখ্য যে, ১৯৭২ চনত শ্বিলঙৰ পৰা ৰাজধানী দিছপুৰলৈ স্থানান্তৰিত হোৱাৰ পাছৰে পৰা সুদীর্ঘ ৫০ টা বছৰে অসম বিধানসভাৰ কাম-কাজ পুৰণি ভৱনটোৰ পৰা অব্যাহত আছিল । অসম বিধানসভাৰ দিছপুৰৰ পুৰণি ভৱনটোতে ১৩ গৰাকী অধ্যক্ষ, ১৭ গৰাকী উপাধ্যক্ষই কাৰ্যনিৰ্বাহ কৰাৰ লগতে ১৭ গৰাকী ৰাজ্যপাল আৰু ১১ গৰাকী মুখ্যমন্ত্ৰীৰ স্মৃতি জড়িত হৈ আছে ।

মুখ্যমন্ত্ৰীৰূপে শৰং চন্দ্ৰ সিংহৰ পৰা আৰম্ভ কৰি গোলাপ বৰবৰা, হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱালকে ধৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ পুৰণি ভৱনতে এক গৌৰৱময় অধ্যায় সম্পূর্ণ কৰিছে ।

৩৫১ কোটি টকাৰ ব্যয় সাপেক্ষে বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে নিৰ্মাণ কৰা নতুন স্থায়ী ভৱনটোত সোমবাৰৰ পৰা অনুষ্ঠিত হ'ব বিধানসভাৰ শৰৎকালীন অধিৱেশন । উল্লেখ্য যে দিনৰ ভাগত বিদ্যুৎ নাথাকিলেও সূৰ্যৰ ৰশ্মিৰ পোহৰত বিধানসভা পৰিচালিত কৰিব পৰাকৈ অত্যাধুনিক ব্যৱস্থাৰে এই নতুন ভৱনটো নিৰ্মাণ কৰা হৈছে । সম্পূর্ণ ডিজিটেল ব্যবস্থাৰে নতুন ভৱনত কাম-কাজ পৰিচালিত হ’ব । ভৱিষ্যতৰ দিশটোৰ ওপৰত চিন্তা কৰি এই ভৱনত সদস্যৰ আসনৰ সংখ্যা ১৮৬খন কৰা হৈছে । ইতিমধ্যে নতুন ভৱনত ডিজিটেলি সকলো কাম-কাজ পৰিচালনা কৰাৰ বাবে বিধায়কসকলক দিয়া হৈছে লেপটপ ।

Last Updated : Sep 11, 2023, 6:14 AM IST

ABOUT THE AUTHOR

...view details