গুৱাহাটী, 24 ডিচেম্বৰ: অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিম দিনা সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় (Assam assembly winter session)। যাৰ বাবে শনিবাৰে অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিম দিনা অধিবেশনৰ কাম-কাজ মাজতে এঘন্টাৰ বাবে বন্ধ কৰি দিয়া হয় (Assam Assembly session adjourned) ।
বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এঘন্টাৰ বাবে সদনৰ কাৰ্যসূচী বন্ধ কৰি দিয়ে । উল্লেখ্য যে শনিবাৰে পুৱা ৯.৩০ বজাৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিম দিনৰ কাৰ্যসূচী প্ৰশ্নোত্তৰৰ কালেৰে আৰম্ভ হৈছিল । ছিণ্ডিকেটৰ বিৰুদ্ধে বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ, কয়লা, চুপাৰি, গাহৰি, মদৰ ছিণ্ডিকেট চলি থকাৰ অভিযোগ তুলি সদন উত্তাল কৰি তোলে (MLA Akhil Gogoi in Assam assembly) । বিৰোধী দলৰ বিধায়কসকলেও এই সন্দৰ্ভত প্ৰশ্ন তোলে ।
যাৰ বাবে সদনত ইয়াকেলৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । যাৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Assam Assembly Speaker Biswajit Daimary) এঘন্টাৰ বাবে সদনৰ কাৰ্যসূচী বন্ধ কৰি দিয়ে । উল্লেখ্য বিধানসভাৰ শীতকালীন অধিবেশনৰ প্ৰথম দিনাই উত্তপ্ত পৰিস্থিতিৰে বিধানসভাৰ কাম-কাজ আৰম্ভ হৈছিল ।