গুৱাহাটী , ১ মাৰ্চঃ২ মাৰ্চৰ পৰা প্ৰায় মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিবেশন । ইতিমধ্যে ইয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিধানসভা সচিবালয়ে ৷
সোমবাৰৰ পৰা বিধানসভাৰ বাজেট অধিবেশনঃ ৪ মাৰ্চত দাখিল নহয় ৰাজ্যিক বাজেট
পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ২৭ মাৰ্চলৈকে অধিবেশন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া নতুন সূচী অনুসৰি ৩০ মাৰ্চ পৰ্যন্ত চলিব বাজেট অধিবেশন ।
সোমবাৰৰ পৰা বিধানসভাৰ বাজেট অধিবেশনঃ
কিন্তু লক্ষণীয় বিষয়টো হ'ল- পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ৪ মাৰ্চত বিধানসভাত বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০২০ - ২১ বৰ্ষৰ বাজেট দাখিল কৰাৰ কথা আছিল যদিও এতিয়া বাজেট দাখিলৰ দিন পিছুওৱা হৈছে । ৬ মাৰ্চতহে বিত্ত মন্ত্ৰীয়ে দাখিল কৰিব বাজেট ।
আনহাতে, বাজেট অধিবেশনৰ দিনো শেহতীয়াকৈ বৃদ্ধি কৰা হৈছে । পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ২৭ মাৰ্চলৈকে অধিবেশন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া নতুন সূচী অনুসৰি ৩০ মাৰ্চ পৰ্যন্ত চলিব বাজেট অধিবেশন ।