গুৱাহাটী, ১১ জানুৱাৰী: মেঘালয়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত প্ৰায় এটা মাহ বাকী(Meghalaya assembly election) । আন আন দলসমূহৰ লগতে বিজেপিয়েও জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৷ অসমৰ পৰাও প্ৰচাৰৰ বাবে বিজেপিৰ নেতা-কৰ্মীৰ সোঁত বৈছে মেঘালয়লৈ(Assembly election campaign in Meghalaya) ৷
আগন্তুক বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ প্ৰতি ভোটাৰৰ সমৰ্থন আদায়ৰ চেষ্টাত ভাৰতীয় জনতা পাৰ্টিয়ে মঙলবাৰে মেঘালয়ৰ মেণ্ডীপথাৰত গণ সদস্যপদ ভৰ্তি অভিযান আৰম্ভ কৰে(BJP joining camp in Meghalaya) । উত্তৰ গাৰো পাহাৰৰ মাণিকগঞ্জ গাঁৱত অনুষ্ঠিত এই অভিযানত ১০০ৰো অধিক লোকে বিজেপিত যোগদান কৰে । এই যোগদান কাৰ্যসূচীত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে(Dr numal momin) মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।
মেঘালয়ত ডাঃ নোমল মনিনৰ নিৰ্বাচনী প্ৰচাৰ ইয়াৰ পূৰ্বে মমিনে বিজেপিৰ অন্যান্য নেতাৰ সৈতে তিনিবাৰৰ মন্ত্ৰী এফ ডব্লিউ মমিনক বিজেপিত যোগদানৰ বাবে সৈমান কৰাবলৈ তেওঁৰ ঘৰত উপস্থিত হয় । মানিকগঞ্জৰ জনসভাত ভাষণ আগবঢ়াই ডাঃ মমিনে মেঘালয়ৰ পূৰ্বৱৰ্তী চৰকাৰসমূহে গাৰো পাহাৰ অঞ্চলক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ সমালোচনা কৰে ।
“আই আই এম, নেইগ্ৰিমছ আৰু এন আই টিৰ স্থাপনত ৰাজধানী শ্বিলঙক চৰকাৰে গুৰুত্ব দিয়াটোতে এইকথা স্পষ্ট হয় ৷ আনহাতে গাৰো পাহাৰত এনে কোনো প্ৰতিষ্ঠান নাই । গাৰো হিলছ(Garo Hills) অঞ্চলৰ প্ৰায় সকলো মুখ্যমন্ত্ৰীয়ে কেতিয়াও নিজৰ অঞ্চলৰ জনসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰা নাছিল, সেয়া দুখৰ বিষয়।” ভাষণ প্ৰসংগত এই মন্তব্য নোমল মমিনৰ ৷
ডাঃ নোমল মমিনৰ প্ৰশ্ন, “গাৰো পাহাৰত এতিয়ালৈ এখনো চিকিৎসালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় কিয় নাই?” মমিনে লগতে কয়, ‘‘ৰাজনীতি কৰা লোকসকলে মেঘালয় আৰু সামগ্ৰিকভাৱে উত্তৰ-পূবৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ(PM Narendra Modi) পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিলে এই মানসিকতা সলনি হ’ব পাৰে ।’’ সভাত অসমৰ বিজেপি নেতাজনে উপস্থিত লোকসকলক উদ্দেশ্যি কয়, ‘‘বিজেপিক ক্ষমতালৈ আহিবলৈ ভোট দিলে গাৰো পাহাৰত বিজেপিয়ে এখন চিকিৎসা মহাবিদ্যালয়, এখন বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰিব ৷’’
বৈঠকৰ শেষত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি নোমল মমিনে দাবী কৰে যে, ‘‘এইবাৰ মেঘালয়ত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপি ক্ষমতালৈ আহিব ৷’’ অসমত বিজেপি চৰকাৰৰ কামৰ নিদৰ্শন দাঙি ধৰি মেঘালয়ৰ সেই সমষ্টিটোৰ ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে অসম বিধানসভাৰ উপাধ্যক্ষ গৰাকীয়ে ৷
“ মোৰ ৰাজ্যখন বিজেপিৰ শাসনৰ অধীনত বিকশিত হৈছে । অসমত আমাৰ দল শাসনলৈ অহাৰ পাছত 15 খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে, এখন এইমছ স্থাপন কৰা হৈছে আৰু আন্তঃগাঁথনি কেনেদৰে বিকশিত উঠিছে সেয়া আপোনালোকে চাব পাৰে । এন চি পি, কংগ্ৰেছ আৰু এতিয়া এনপিপি ক্ষমতাত থকাৰ পিছতো 200 বিছনাযুক্ত নতুন চিকিৎসালয় এখনো স্থাপন কৰিব পৰা নাই।’’ সংবাদমাধ্যমৰ আগত এই মন্তব্য নোমল মমিনৰ ৷
কেৱল ডাঃ নোমল মমিনেই নহয়, অসমৰ ভালেকেইজন বিজেপি নেতাই মেঘালয়ৰ বিধানসভা নিৰ্বাচনত(Meghalaya assembly election 2023) প্ৰচাৰ আৰু দলীয় সাংগঠনিক কামত ব্যস্ত হৈ পৰা দেখা গৈছে । ইফালে, মঙলবাৰৰ সভাত বিজেপিলৈ ভালেসংখ্যক নতুন সদস্যক আদৰণি জনাই অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে ৷
লগতে পঢ়ক:Congress AIUDF Alliance: তাহানিৰ ‘হু ইজ’ ফৰ্মূলা ব্যৱহাৰ কৰিছে বদৰুদ্দিন আজমলে