অসম

assam

ETV Bharat / state

Sign MoU on border dispute : অসম অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে ঐতিহাসিক চুক্তি স্বাক্ষৰ - এক বুজাবুজি চুক্তি স্বাক্ষৰ

প্ৰতিক্ষাৰ অন্ত পৰিল ৷ অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ দিশে আগবাঢ়িছে আৰু এখোজ (Assam Arunachal border issue) ৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দিল্লীত সীমা বিবাদ সন্দৰ্ভত অসম অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে (Sign MoU on border dispute) ৷

Sign MoU on border dispute
অসম অৰুণাচলৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ

By

Published : Apr 20, 2023, 8:25 PM IST

গুৱাহাটী, 20 এপ্ৰিল :বৃহস্পতিবাৰে ৰাজধানী দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় (Sign MoU on border dispute) ৷ এই চুক্তিত স্বাক্ষৰ কৰি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে, এই চুক্তি স্বাক্ষৰ জৰিয়তে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দীৰ্ঘ দিন ধৰি চলি থকা সীমা বিবাদৰ অৱসান হৈছে ৷ লগতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম-অৰুণাচলৰ মাজৰ বুজাবুজি চুক্তি স্বাক্ষৰৰ দ্বাৰা উত্তৰ-পূব অঞ্চলত শান্তি আৰু উন্নয়ন হ’ব বুলি উল্লেখ কৰে ৷

বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, অসম আৰু অৰুণাচল প্ৰদেশ উভয়ৰে দীৰ্ঘদিনীয়া সীমা বিবাদ সমাধান কৰাটো এক শুভ লক্ষণ ৷ ফলত দুই ৰাজ্যৰ সীমান্ত অঞ্চলত উত্তৰ-পূব অঞ্চলত উন্নয়ন আৰু শান্তিৰ সূচনা হ’ব বুলি উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে (Assam Arunachal sign pact to resolve border dispute) ।

লগতে তেওঁ কয়, ‘‘800 কিলোমিটাৰ দৈৰ্ঘৰ আন্তঃৰাজ্যিক সীমান্তৰ দুয়োকাষৰ 123 খন বিবদমান গাঁৱৰ সমস্যা চিৰদিনৰ সমাধান হৈছে ৷ যি সময়ত দেশে স্বাধীনতাৰ 75 বছৰ উদযাপন কৰিছে, তেনে সময়তে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছে ৷ এয়া শান্তি আৰু সমৃদ্ধিৰ আগজাননী’’ (Assam Arunachal border issue)।

এই অনুষ্ঠানত ভাষণ প্ৰসংগত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয়, ‘‘অসম আৰু অৰুণাচলৰ মাজৰ সীমা নির্মাণৰ এই চুক্তি দুয়োখন ৰাজ্যৰ বাবে অতি গুৰুত্বপূর্ণ ৷ এই চুক্তিয়ে শান্তি আৰু উন্নয়নত আমূল পৰিৱর্তন আনিব’’ (MoU signed by Assam CM and Arunachal CM)৷

লগতে পঢ়ক :Sign MoU on border dispute; বুজাবুজি চুক্তি স্বাক্ষৰ কৰাটো এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব; ড৹ শৰ্মা

বৃহস্পতিবাৰে দিল্লীত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, ৰাজ্যিক মন্ত্ৰী অতুল বৰা, জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, বিমল বড়া আৰু সঞ্জয় কিষাণৰ লগতে অসম ভৱন, নতুন দিল্লী, সীমান্ত সুৰক্ষা আৰু উন্নয়নৰ প্ৰধান সম্পাদক ৰাজীৱ চন্দ্ৰ যোশী, সীমান্ত সুৰক্ষা আৰু উন্নয়নৰ সম্পাদক জি ডি ত্ৰিপাঠী প্ৰভাতি থাওচেনকে ধৰি এম এইচ এৰ জ্যেষ্ঠ বিষয়াসকল ৷

উল্লেখ্য যে, দশক দশক ধৰি অৰুণাচলৰ সৈতে চলি থকা সীমান্তৰ বিবাদ সমাধানৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা 12 খন আঞ্চলিক সমিতিয়ে দিয়া পৰামৰ্শক বুধবাৰে অনুমোদন জনায় অসম কেবিনেটে । দিছপুৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷ ইফালে সীমা সমস্যা সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে কেইবাবাৰো বৈঠকত মিলিত হৈছিল ।

বিগত বৰ্ষৰ জুলাই মাহত দুয়োখন ৰাজ্যই নামচাই ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছিল ৷ য’ত বিবাদিত গাঁৱৰ সংখ্যা 123 খনৰ পৰা হ্ৰাস কৰাৰ বাবে সন্মতি দিয়া হৈছিল ৷ তাৰ পাচত 86 লৈ সীমা শাৰী সমাধান কৰি কেবিনেট মন্ত্ৰীৰ নেতৃত্বত 12 খনকৈ সমিতি গঠন কৰাৰ সিদ্ধান্ত লয় ৷ যিয়ে বিবাদিত অঞ্চল পৰিদৰ্শন কৰিব, বাসিন্দাসকলৰ পৰা মতামত ল’ব আৰু নিজ নিজ চৰকাৰলৈ প্ৰতিবেদন দাখিল কৰিব ।

ইয়াৰ পূৰ্বে অসম আৰু মেঘালয় চৰকাৰে ৰাজধানী দিল্লীত এক ঐতিহাসিক চুক্তি ‘‘To resolve their 50-year-old pending border dispute in March 2022’’ ত স্বাক্ষৰ কৰিছিল ৷ ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীসকলে 31 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পৰীক্ষা আৰু বিবেচনাৰ বাবে প্ৰস্তাৱৰ খচৰা দাখিল কৰাৰ দুমাহৰ পাচত এই চুক্তি স্বাক্ষৰ কৰা হয় ৷ অসম আৰু মেঘালয় চৰকাৰে আন্তঃৰাজ্যিক সীমান্তৰ 12 টা বিবাদমান এলেকাৰ ভিতৰত ছটাত সীমা বিবাদ নিষ্পত্তিৰ বাবে এক খচৰা প্ৰস্তাৱ উলিয়াইছিল ৷

লগতে পঢ়ক :Assam arunachal border dispute : সীমা সমস্যা নিষ্পত্তিৰ বাবে চুক্তিত স্বাক্ষৰ অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details